বিহাৰৰ ৰাজনীতিত আকৌ এবাৰ জল্পনা-কল্পনা আৰম্ভ হৈছে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আৰজেডি ৰ মুৰব্বী লালু প্ৰসাদ যাদৱে মুখ্যমন্ত্ৰী নীতিশক পুনৰবাৰ মহাগটবন্ধনত যোগ দিয়াৰ প্ৰস্তাৱ দিছে।
লালুৰ প্ৰস্তাৱটোৱে বিহাৰৰ ৰাজনীতিত এক হুলস্থূলৰ সৃষ্টি কৰিছে আৰু প্ৰশ্ন উত্থাপন হৈছে যে নীতিশ কুমাৰে আকৌ এবাৰ তেওঁৰ পক্ষ সলনি কৰিব পাৰিবনে?
অৱশ্যে, সকলো জল্পনা-কল্পনাৰ মাজতে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও লালুৰ প্ৰস্তাৱৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি)মুৰব্বী লালু প্ৰসাদ যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক মহাজোটলৈ উভতি যাবলৈ প্ৰস্তাৱ দিছে।
নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত লালু যাদৱে কৈছে যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে I.N.D.I গটবন্ধনৰ দুৱাৰ সদায়ে মুকলি আছে, আৰু তেওঁ যদি বিচাৰে তেনেহলে একেলগে আহিব পাৰে। লালু যাদৱে লগতে কৈছে যে নীতিশ কুমাৰ যদিও পলাই যায়, কিন্তু আমি তেওঁক ক্ষমা কৰিছো।
অৱশ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লালু যাদৱৰ এই প্ৰস্তাৱ নাকচ কৰিছে। লালুৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নীতিশ কুমাৰে কয়, “আপুনি এইবোৰ কি কৈ আছে? এতিয়া এইবোৰ এৰি দিয়ক।
একে সময়তে, জেডিইউ নেতা বিজয় চৌধুৰীয়েও লালু যাদৱৰ প্ৰস্তাৱটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰাকাশ কৰিছে।বিজয় চৌধুৰীয়ে স্পষ্টকৈ কৈছে যে আমাৰ দলত কোনো বিভ্ৰান্তি নাই, দল আৰু মুখ্যমন্ত্ৰী দুয়োৰে স্থিতি স্পষ্ট যে আমি এন ডি এত আছো আৰু এন ডি এত থাকিম।
বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয়, “নীতিশ কুমাৰে লালু প্ৰসাদ যাদৱক ভিতৰৰ পৰা জানে। লালু প্ৰসাদ যাদৱে কেৱল ভয় খাইছে।
বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু আৰজেডি নেতা তেজস্বী যাদৱেও এই গোটেই বিষয়টোত এটা বিবৃতি দিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে মিত্ৰতাৰ দুৱাৰ সদায় মুকলি থাকে বুলি লালু প্ৰসাদ যাদৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেজস্বীয়ে কয়, “আপুনি তেওঁক সুধি থাকিব, তেওঁ আৰু কি ক’ব?তেওঁ আপোনালোক সকলোকে শান্ত কৰিবলৈ এইটো কৈছিল। তেজস্বীয়ে এইটোও কৈছে যে ২০২৫ নীতিশ কুমাৰৰ বাবে বিদায় বৰ্ষ হিচাপে প্ৰমাণিত হ’ব আৰু নতুন বছৰত বিহাৰত এখন নতুন চৰকাৰ গঠন কৰা হ’ব।