নিৰ্বাচনী বিপৰ্যয়ৰ পিছত লালুৰ পৰিয়ালত অস্থিৰতা! সম্পৰ্ক ছেদ কন্যা ৰোহিনীৰ
লালুৰ পৰিয়ালত অস্থিৰতা
বিহাৰ বিধানসভাৰ নিৰ্বাচনত মহাজোঁটবন্ধনৰ শোচনীয় পৰাজয়ৰ পিছতে অস্থিৰ হৈ পৰিছে আৰ জে ডিৰ প্ৰমুখ লালু প্ৰসাদ যাদৱৰ পৰিয়াল । ফলাফল অহাৰ পিছতে পুত্ৰ তেজপ্ৰতাপ যাদৱে প্ৰথমে তেজস্বীক ব্যৰ্থ আখ্যা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এন ডি এৰ নেতাসকলক প্ৰশংসা কৰে । ইয়াৰ পিছতে এতিয়া কন্যা ৰোহিনী আচাৰ্যই শনিবাৰে এক বৃহৎ ৰাজনৈতিক বিস্ফোৰণ ঘটাইছে । লালুৰ কন্যা ৰোহিনীয়ে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ লগতে পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ কথা ছ’চিয়েল মিডিয়াৰ এক পোষ্টযোগে ঘোষণা কৰিছে ।
উল্লেখ্য যে, নিৰ্বাচনী ফলাফলত এন ডি এয়ে ২০২খন আসন লাভ কৰাৰ বিপৰীতে মহাজোঁটবন্ধনৰ আসন ৩৫খনতে সীমাবন্ধ থাকে ।
ৰোহিনীয়ে এক চাঞ্চল্যকৰ দাবী কৰি কয় যে সঞ্জয় যাদৱ আৰু ৰমীজে তেওঁক এই কাম কৰিবলৈ কৈছিল আৰু এতিয়া তেওঁ সকলো দোষ আৰু অভিযোগ মূৰ পাতি লৈছে । ৰোহিনীয়ে এক্সত লিখিছে, “মই ৰাজনীতি এৰাৰ লগতে পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছো । সঞ্জয় যাদৱ আৰু ৰমীজে মোক এই কাম কৰিবলৈ কৈছিল আৰু মই সকলো দোষ মূৰ পাতি লৈছো ।“ ৰোহিনীৰ এই মন্তব্যক লৈ বৰ্তমানেও দল বা পৰিয়ালৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই যদিও আৰ জে ডি শিবিৰত এই পোষ্টক লৈ ব্যাপক চৰ্চা চলিছে ।
জানিব পৰা মতে সঞ্জয় যাদৱ আৰ জে ডিৰ ৰাজ্যসভাৰ সাংসদ আৰু তেজস্বী যাদৱৰ অন্যতম বিশ্বাসযোগ্য সহায়ক । তেজস্বী যাদৱৰ দীৰ্ঘদিনীয়া বন্ধু বুলি কোৱা ৰমীজ চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশৰ ৰাজনৈতিক পৰিয়ালৰ সৈতে সম্পৰ্কিত ।
লগতে পঢ়ক : বিহাৰৰ ফলাফলৰ পিছত মমতাক প্ৰধানমন্ত্ৰীয়ে দিলে বিশেষ বাৰ্তা…
