আসন ভাগ-বতৰাকলৈ জীতনৰাম মাঞ্জীৰ গুৰুত্বপূৰ্ণ মন্তব্য
বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে NDAত আসন ভাগ-বতৰা সন্দৰ্ভত প্ৰচেষ্টা অব্যাহত আছে, তাৰ মাজতে NDA ৰ সহযোগী তথা HAM ৰ সভাপতি জীতনৰাম মাঞ্জীৰ এক বিবৃতি প্ৰকাশ পাইছে।
তেওঁ কৈছে যে, শেষ নিশ্বাস পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত থাকিম।দৰাচলতে, মাত্ৰ এদিন পূৰ্বে শনিবাৰে দিল্লীত এন ডি এৰ এখন মাৰাথন বৈঠক অনুষ্ঠিত হৈছিল যিখন আঠ ঘণ্টা ধৰি চলিছিল।
ইয়াত আসন ভাগ-বতৰা কৰাৰ সূত্ৰৰ বিষয়ে আলোচনা কৰা হৈছিল, কিন্তু এই কথাত মাঞ্জী বিচলিত হোৱা বুলি জানিব পৰা গৈছে।
আজিও দিল্লীত আসন ভাগ-বতৰা সন্দৰ্ভত বৈঠক চলি আছে। ইয়াত মাঞ্জীয়েও অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত তেওঁ কয় যে মই এতিয়া পাটনালৈ ৰাওনা হৈছো, কিন্তু সকলোকে এটা কথা কও।
মই এই কথা আগতেও কৈছিলোঁ আৰু আজি কৈছো যে মই জীতনৰাম মাঞ্জী শেষ নিশ্বাসলৈকে প্ৰধানমন্ত্ৰী মোদীৰ লগত থাকিম। বিহাৰত বসন্ত হ’ব, নীতিশৰ সৈতে মোদীজীয়ে চৰকাৰ গঠন কৰিব।
জানিব পৰা মতে, HAM ৰ সৈতে আসন ভাগ-বতৰা কৰাৰ চুক্তি কৰা হৈছে। বিজেপিৰ শীৰ্ষ নেতাৰ সৈতে আলোচনাৰ অন্তত মাঞ্জীয়ে সন্মতি প্ৰকাশ কৰিছে।
কোৱা হৈছে যে ৬ খন বিধানসভাৰ আসন HAM ক ৬ আসন দিয়াৰ চুক্তি কৰা হৈছে, ইমানেই নহয়, ভৱিষ্যতে এম এল চিৰ আসনও উপলব্ধ হ’ব। চুক্তি হোৱাৰ পাছত মাঞ্জী পাটনালৈ ৰাওনা হৈছে।
লগতে পঢ়ক: ভোজপুৰী কণ্ঠশিল্পীৰ ডাঙৰ ঘোষণা; বিহাৰ নিৰ্বাচনত পৱন সিঙে নকৰে প্ৰতিদ্বন্দ্বিতা









