বিহাৰ বিধানসভাৰ নিৰ্বাচনত পৱন সিঙে নকৰে প্ৰতিদ্বন্দ্বিতা

ভোজপুৰী কণ্ঠশিল্পীৰ ডাঙৰ ঘোষণা; বিহাৰ নিৰ্বাচনত পৱন সিঙে নকৰে প্ৰতিদ্বন্দ্বিতা

বিহাৰ নিৰ্বাচনত পৱন সিঙে নকৰে প্ৰতিদ্বন্দ্বিতা আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে ভোজপুৰীৰ বিখ্যাত গায়ক তথা ছুপাৰষ্টাৰ পৱন সিঙে। কণ্ঠশিল্পী গৰাকীয়ে স্পষ্ট কৰি দিছে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য নাই।তেওঁ কেৱল দলৰ প্ৰকৃত সৈনিক হৈ থাকিব বিচাৰে।সামাজিক মাধ্যমত দিয়া পোষ্টৰ জৰিয়তে

বিহাৰ নিৰ্বাচনত পৱন সিঙে নকৰে প্ৰতিদ্বন্দ্বিতা

আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে ভোজপুৰীৰ বিখ্যাত গায়ক তথা ছুপাৰষ্টাৰ পৱন সিঙে

কণ্ঠশিল্পী গৰাকীয়ে স্পষ্ট কৰি দিছে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য নাই।তেওঁ কেৱল দলৰ প্ৰকৃত সৈনিক হৈ থাকিব বিচাৰে।সামাজিক মাধ্যমত দিয়া পোষ্টৰ জৰিয়তে তেওঁ এই ঘোষণা কৰিছে।

পৱন সিঙে নিজৰ পোষ্টত লিখিছে যে তেওঁৰ ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ উদ্দেশ্য নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল।

‘মই পৱন সিঙে মোৰ ভোজপুৰী সমাজক ক’ব বিচাৰো যে মই বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলত যোগদান কৰা নাছিলো আৰু না মই বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰো’।এই পোষ্টটোৱে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ জল্পনা-কল্পনাৰ অন্ত পেলাইছে।

শেহতীয়াকৈ বিজেপিৰ জ্যেষ্ঠ নেতাৰ সৈতে পৱন সিঙৰ কেইবাখনো বৈঠকক লৈ খবৰ ওলাইছিল যে এইবাৰ তেওঁ নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিব পাৰে।অৱশ্যে এতিয়া স্পষ্ট হৈ পৰিছে যে তেওঁৰ গুৰুত্ব মূলতঃ ভোজপুৰী চিনেমা আৰু সংগীতৰ ওপৰত।

লগতে পঢ়ক: নীতিশ কুমাৰক মোক্ষম আঘাত! RJD ত যোগদান কৰিব JDU প্ৰাক্তন সাংসদ