ভোটদানৰ পিছত লালু প্ৰসাদ যাদৱৰ বিশেষ টুইট
বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে।ইফালে ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে পুৱাই ভোটদান কৰে।
ভোটদান কৰাৰ পিছত তেওঁ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু পুত্ৰ তেজস্বী যাদৱৰ সৈতে চিয়াঁহীৰে আঙুলি দেখুৱাই এখন ফটো শ্বেয়াৰ কৰে।ফটোখনৰ লগতে কেপচনত ক্ষমতাৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰিছে।
লালু যাদৱে এক্সত লিখিছে যে,“তাৱাত ৰুটী লুটিয়াই থাকিব লাগে,নহ’লে জ্বলি যাব। ২০ বছৰ বহুত হ’ল!এতিয়া নতুন বিহাৰৰ বাবে এখন যুৱ চৰকাৰ আৰু এখন তেজস্বী চৰকাৰ অতি প্ৰয়োজনীয়।”
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে বৃহস্পতিবাৰে পুৱা বিহাৰত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে ১২১খন আসনত ভোটদান প্ৰক্ৰিয়া চলি আছে।
এই পৰ্যায়ত মুঠ ৩.৭৫ কোটি ভোটাৰে ১৩১৪ জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব।য’ত বিৰোধী মিত্ৰজোঁট ‘ভাৰত’ৰ মুখ্যমন্ত্ৰী মুখ তেজস্বী যাদৱ আৰু বিজেপিৰ প্ৰাৰ্থী তথা উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীও অন্তৰ্ভুক্ত আছে।
লগতে পঢ়ক: আৰজেডিৰ জংঘলৰাজ… প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বিহাৰত প্ৰধানমন্ত্ৰী মোদী









