আৰজেডিৰ জংঘলৰাজত শূন্য উন্নয়নঃ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বিহাৰত প্ৰধানমন্ত্ৰী মোদী

আৰজেডিৰ জংঘলৰাজ… প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বিহাৰত প্ৰধানমন্ত্ৰী মোদী

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বিহাৰত প্ৰধানমন্ত্ৰী মোদী বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে আৰৰিয়াত এক সভাত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সময়চোৱাত তেওঁ মহাগঠবন্ধনক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে কংগ্ৰেছ-আৰজেডিৰ মিত্ৰজোঁটৰ কেৱল দেশৰ নিৰাপত্তাই নহয়, বিশ্বাসৰ প্ৰতিও কোনো চিন্তা নাই ।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বিহাৰত প্ৰধানমন্ত্ৰী মোদী

বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে আৰৰিয়াত এক সভাত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সময়চোৱাত তেওঁ মহাগঠবন্ধনক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে কংগ্ৰেছ-আৰজেডিৰ মিত্ৰজোঁটৰ কেৱল দেশৰ নিৰাপত্তাই নহয়, বিশ্বাসৰ প্ৰতিও কোনো চিন্তা নাই । তেওঁলোকে আমাৰ সংস্কৃতি আৰু বিশ্বাসক অসন্মান কৰে ।

ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ নেতাসকলে বিহাৰলৈ আহি ছঠী মাইয়া পূজাক নাটক বুলি কয় । এয়া ছঠি মাইয়াৰ অপমান নহয় নেকি ?  এয়া আমাৰ বিশ্বাসৰ অপমান । যেতিয়া এনেবোৰ কথা কোৱা হয় তেতিয়া নিমাত হৈ পৰে আৰজেডি ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই একেখিনি কংগ্ৰেছ নেতাই কুম্ভৰ সময়ত স্নান কৰাক উপহাস কৰিছিল । তেওঁলোকে ৰাম মন্দিৰৰ বিৰোধিতা কৰে । তেওঁলোকে ৰামক বিশ্বাস নকৰে । তেওঁলোকৰ বিশ্বাস নাই । প্ৰাণ প্ৰতিষ্ঠাত তেওঁলোক উপস্থিত নাছিল । ভোট বেংকৰ ৰাজনীতিৰ বাবে তেওঁলোকে ভগৱান ৰামক ঘৃণা কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মোৰ আৰু এটা প্ৰশ্ন আছে । য’ত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ হৈছে তাত নিশাদ ৰাজ জীৰ মন্দিৰো আছে । বাল্মিকীৰ বাবেও মন্দিৰ আছে । মাতা সবৰীৰ মন্দিৰো আছে । ভগৱান ৰামৰ ওপৰত তেওঁলোকৰ খং আছে । তেওঁৰ ওচৰলৈ নাযাব, কিন্তু অন্ততঃ আন ঠাইলৈটো যাওক ।”

“আকৌ এবাৰ এন ডি এ চৰকাৰ”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সভাত ভাষণ দি কয়, “আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । সমগ্ৰ বিহাৰৰ পৰা ছ’চিয়েল মিডিয়াত আচৰিত ধৰণৰ ছবি দেখিবলৈ পোৱা গৈছে, পুৱাৰে পৰা ভোটকেন্দ্ৰত শাৰী পাতিছে । বিহাৰৰ যুৱক-যুৱতীসকলৰ মাজত অভূতপূৰ্ব উৎসাহ । যিসকলে এতিয়াও ভোট দিয়া নাই, যিসকলে ঘৰৰ পৰা ওলাই যোৱা নাই, তেওঁলোকক অতি সোনকালে ভোটদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো । আজি সমগ্ৰ বিহাৰত এটা কণ্ঠই গুঞ্জৰিত হৈছে- আকৌ এবাৰ এন ডি এ চৰকাৰ ।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “জংগল ৰাজে ১৫ বছৰ বিহাৰত শাসন কৰিছিল, ১৯৯০ চনৰ পৰা ২০০৫ চনলৈকে । জংগল ৰাজে বিহাৰ ধ্বংস কৰিছিল । চৰকাৰ চলোৱাৰ নামত কেৱল লুটপাত কৰা হৈছিল । জংগলৰাজৰ সেই ১৫ বছৰত বিহাৰত কিমান এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছিল ? শূন্য ।”

তেওঁ কয়, “কিছুদিন পূৰ্বে মই কংগ্ৰেছ-আৰাজেডিৰ কাজিয়া উদঙাই দিছিলো । বিবাদ তীব্ৰতৰ হৈ পৰিছে । কংগ্ৰেছে আৰজেডিৰ বিৰুদ্ধে নিজৰ উপ-মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক থিয় কৰাইছে । সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ দি আৰজেডিৰ জংগলৰাজ উদঙাই দিছে । তেওঁলোকে কৈছে যে এই জংগলৰাজত দলিত, মহাদলিত আৰু অত্যন্ত পিছপৰা শ্ৰেণীয়ে সৰ্বাধিক অত্যাচাৰ ভোগ কৰিছে । এতিয়া কেৱল নিৰ্বাচন, যেতিয়া ফলাফল ওলাব, তেতিয়া তেওঁলোকে ইজনে সিজনৰ চুলি ছিঙিবলৈ আৰম্ভ কৰিব ।”

লগতে পঢ়ক : পূৰণ হ’ব নে জনপ্ৰতিনিধি হোৱাৰ সপোন ? আজি ই ভি এমত বন্দী হ’ব আনন্দ মিশ্ৰৰ ভাগ্য