পূৰণ হ’ব নে জনপ্ৰতিনিধি হোৱাৰ সপোন ? আজি ই ভি এমত বন্দী হ’ব আনন্দ মিশ্ৰৰ ভাগ্য

পূৰণ হ’ব নে জনপ্ৰতিনিধি হোৱাৰ সপোন ? আজি ই ভি এমত বন্দী হ’ব আনন্দ মিশ্ৰৰ ভাগ্য

আজি ই ভি এমত বন্দী হ’ব আনন্দ মিশ্ৰৰ ভাগ্য আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ই ভি এমত আজি বন্দী হ’ব বহু ৰথী-মহাৰথীৰ ভাগ্য । ১৮খন জিলাৰ ১২১ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেইবাটাও সমষ্টিত প্ৰতিদ্বন্দ্বিতা

আজি ই ভি এমত বন্দী হ’ব আনন্দ মিশ্ৰৰ ভাগ্য

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ই ভি এমত আজি বন্দী হ’ব বহু ৰথী-মহাৰথীৰ ভাগ্য । ১৮খন জিলাৰ ১২১ টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেইবাটাও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কেইবাজনো হাইপ্ৰফাইল নেতাই ।

বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত চৰ্চিত এটা সমষ্টি হৈছে বক্সাৰ । এই সমষ্টিত এইবাৰ বিজেপিয়ে প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । কংগ্ৰেছ, বিজেপিকে ধৰি এই সমষ্টিত ৫গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আজি প্ৰথম পৰ্যায়তে এই সমষ্টিত হৈছে ভোটগ্ৰহণ ।

তুমুল প্ৰতিযোগিতা হ’ব বুলি অনুমান কৰা বক্সাৰ সমষ্টিত এতিয়া আনন্দ মিশ্ৰক ৰাইজে আদৰি ল’ব নে নাই তাকে লৈ চৰ্চা চলিছে । ইফালে ২০১৫ চনৰ পৰা এই সমষ্টি আছে কংগ্ৰেছৰ দখলত । বৰ্তমান কংগ্ৰেছ নেতা সঞ্জয় কুমাৰ তীৱাৰী বাক্সাৰ সমষ্টিৰ বিধায়ক । লগতে তেওঁ চলিত নিৰ্বাচনতো পুনৰ কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্জ্বিতা আগবঢ়াইছে ।

উল্লখ্য যে, চলিত বছৰৰ ১৯ আগষ্টত বিজেপিত যোগ দিছিল এসময়ৰ অসমৰ চুপাৰ কপ হিচাবে পৰিচিত ভাৰতীয় আৰক্ষীয় সেৱাৰ প্ৰাক্তন বিষয়া আনন্দ মিশ্ৰই । ইয়া পূৰ্বে প্ৰশান্ত কিশোৰৰ জন সূৰাজ পাৰ্টীৰ সক্ৰিয় নেতাৰ লগতে দলৰ যুৱ শাখাৰ সভাপতিৰ দায়িত্বও লাভ কৰিছিল মিশ্ৰই । আৰক্ষীয় সেৱাৰ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ ২০২৪ বৰ্ষত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰজায়ৰ সন্মুখীন হৈছিল আনন্দ মিশ্ৰ ।

এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত নিৰ্বাচনত অৱ্তীৰ্ণ হৈছে তেওঁ । বৰ্তমান কংগ্ৰেছৰ দখলত থকা বাক্সাৰ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰ অভিযান চলাইছিল যদিও তেওঁৰ বাবে দলত বিসম্বাদৰ সৃষ্টি হৈছে বুলিও খবৰ প্ৰকাশ পাইছে । আনন্দ মিশ্ৰক টিকট প্ৰদান কৰাৰ বাবে সমষ্টিটোৰ পুৰণি বিজেপি কৰ্মীসকল যথেষ্ট ক্ষোভিত হৈ আছে বুলি খবৰ প্ৰকাশ পাইছে । ইয়াৰ মাজতে এতিয়া আনন্দ মিশ্ৰৰ জনপ্ৰতিনিধি হোৱাৰ সপোন পূৰণ হ’ব নে তাকে লৈ চৰ্চা চলিছে । লগতে এই প্ৰশ্নৰ উত্তৰ পাবলৈ অপেক্ষা কৰিব লাগিব ১৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগা ভোটগণনালৈ ।

লগতে পঢ়ক : বিহাৰ নিৰ্বাচনঃ বিশেষ সংশোধনীৰ পিছত কি পৰিৱৰ্তন হ’ল ভোটাৰ তালিকাত ?