আজি গৰু বিহু। চ’ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।
গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে।
গা ধুৱাই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।
অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে।
জনপ্ৰবাদ অনুসৰি, পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি।
গৰু বিহুৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়।
গৃহস্থই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়।
প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ বহু ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে।
জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।