আজি গৰু বিহু, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ

সমগ্ৰ ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে পালন কৰিছে গৰু বিহু

আজি চ’তৰ সংক্ৰান্তি । সমগ্ৰ ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে পালন কৰিছে গৰু বিহু । কৃষিভিত্তিক অসমীয়া সমাজত অতীজৰে পৰা চলি অহা ৰীতি অনুসৰি, আজিৰ দিনটোত গো-ধনৰ সেৱা-শুশ্ৰুষা কৰি বছৰটোলৈ আশীৰ্বাদ বিচৰা হয় ।

পৰম্পৰা ৰক্ষা কৰি আজি পুৱাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ গৰু গা ধুৱালে প্ৰতিজন অসমীয়াই । পুৱাৰ ভাগতে মাহ-হালধিৰে গৰুক গা ধুৱাই গোধনৰ মঙ্গল কামনা কৰে ৰাইজে ।

উল্লেখ্য য়ে, গৰু বিহুৰ পুৱাই গাঁৱৰ কৃষকসকলে নিজৰ গোধনৰ গাত মাহ-হালধি সানি ওচৰৰ নদী, বিল বা পথাৰলৈ লৈ যায় । তাতেই গৰুক গা ধুওৱা হয় । লোকবিশ্বাস অনুসৰি, মাহ-হালধিৰে গা ধুৱালে গৰুৰ গাত হোৱা বিভিন্ন চৰ্মৰোগ দূৰ হয় ।

গৰু ধুওৱাৰ সময়ত পৰম্পৰাগতভাৱে গোৱা হয়- লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা । মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু ।লগতে গৰুৰ গালৈ লাউ, বেঙেনা, কেৰেলা আদি দলিয়াই গৰুৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰা হয় ।

সন্ধিয়া গৰু গোহালিলৈ ঘূৰি অহাৰ পিছত পুৰণি পঘা সলাই নতুন পঘা পিন্ধোৱা হয় । গোহালিত মহ-ডাঁহ খেদিবলৈ ‘জাগ’ (ধূোৱা) দিয়া হয় আৰু বিশেষভাৱে তৈয়াৰ কৰা পিঠা খুওৱা হয় । ইফালে আজিৰ দিনটোতে বহুতে ১০১ বিধ শাক খোৱাৰ পৰম্পৰাও পালন কৰে ।

গৰু বিহুৰ পাছতেই কাইলৈৰ পৰা আৰম্ভ হ’ব মানুহ বিহু । ইতিমধ্যে বিহুৰ ঢোলৰ চাপৰত ৰজনজনাই উঠিছে সমগ্ৰ অসম । চহৰৰ পৰা গাঁৱলৈ সকলোতে এতিয়া কেৱল আনন্দৰ লহৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও উছৱৰ এই ক্ষণত অসমবাসীক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : সলনি হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ নিয়ম, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰো বিলুপ্তি

‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…’;  আজি গৰু বিহু, ৰাজ্যৰ চৌদিশে গৰু বিহুৰ উচাহ

আজি গৰু বিহু। চ’ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।

গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে।

গা ধুৱাই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।

অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে।

জনপ্ৰবাদ অনুসৰি, পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি।

গৰু বিহুৰ দিনা সন্ধিয়া গোহালিৰ গৰু কেইটাক নতুন পঘাৰে বন্ধা হয়। লোক বিশ্বাস অনুসৰি, গৰুক বন্ধা নতুন পঘাত মাহ, হালধি, তেল সানি দিলে গৰুৰ বহু ৰোগ প্ৰতিৰোধ হয়।

গৃহস্থই খেৰ, বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়াৰ পৰম্পৰাও আছে। অসমবাসীৰ মাজত ইয়াক ‘জাগ দিয়া’ বুলি কোৱা হয়।

প্ৰবাদ আছে যে, অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাগ দিয়াৰ পিছতহে বিচনী ব্যৱহাৰ কৰে। অসমৰ বহু ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰবেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰুৰ ভৰি ধুওৱাৰ নিয়ম প্ৰচলিত আছে।

জনবিশ্বাস মতে- এনে কৰিলে বছৰটোলৈ গৰুৰ খুড়াত কোনোধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কোনো কোনো ঠাইত পিঠাগুৰি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰাৰ প্ৰথাও প্ৰচলিত আছে।