আই পি এলৰ দেওবাৰে অনুষ্ঠিত হোৱা এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰাজস্থান ৰয়েলছক ২ ৰানত পৰাস্ত কৰে । এই মেচখনত লক্ষ্ণৌ দলে প্ৰথমে বেটিং কৰি ১৮০ ৰান সংগ্ৰহ কৰে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৭৮ ৰানহে কৰিবলৈ সক্ষম হয় ৰাজস্থান আৰু ২ ৰানৰ নিকট ব্যৱধানত পৰাস্ত হয় । লক্ষ্ণৌ দলৰ জয়ৰ নায়ক আৱেশ খানে ডেথ অভাৰত যশস্বী জয়ছোৱালকে ধৰি ৩ জন বেটছমেনক আউট কৰে ।
ৰাজস্থানে লাভ কৰে ১৮১ ৰানৰ লক্ষ্য-
ৰাজস্থান ৰয়েলছে ১৮১ ৰানৰ লক্ষ্য লাভ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে শক্তিশালী আৰম্ভণি কৰিছিল । আই পি এলৰ অভিষেক মেচতে বৈভৱ সূৰ্যবংশীয়ে বিস্ফোৰক শ্বট কোবাই ২০টা বলত ৩৪ ৰানৰ ইনিংছ খেলে । জয়ছোৱালৰ সৈতে বৈভৱে ৮৫ ৰানৰ বিস্ফোৰক অংশীদাৰিত্ব গঢ়ে । ফৰ্মত থকা বেটছমেন নীতিশ ৰানা এই মেচত ব্যৰ্থ হয়, তেওঁ মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি আউট হয় ।
ইয়াৰ পিছতে যশস্বী জয়ছোৱাল আৰু ৰিয়ান পৰাগে দলৰ ইনিংছক আগুৱাই নিয়াৰ দায়িত্ব লয় আৰু ৬২ ৰানৰ অংশীদাৰিত্বৰে ৰাজস্থানৰ জয়ৰ আশাক ডেউকা দিয়ে । ইয়াৰ মাজতে ২টা উইকেটৰ পতন ঘটাত মেচখনৰ ফলাফল সলনি হয় । জয়ছোৱালে ৭৪ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে ৰিয়ান পৰাগে ৩৯ ৰান সংগ্ৰহ কৰি আউট হয় । মাত্ৰ ৫ ৰানৰ ব্যৱধানত জয়ছোৱাল আৰু পৰাগৰ উইকেটৰ পতন ঘটে ।
মেচৰ গতি সলনি কৰে আবেশ খানে-
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ জয়ৰ প্ৰকৃত নায়ক আছিল ডেথ অভাৰত ৩টা উইকেট দখল কৰা আৱেশ খান । মেচখনৰ গতি সলনি হয় যেতিয়া ৰাজস্থানৰ ইনিংছৰ ১৮ অভাৰত আৱেশে ২টা উইকেট দখল কৰে । তেওঁ অভাৰৰ প্ৰথম বলত যশস্বী জয়ছোৱালক ৭৪ ৰানত আউট কৰে আৰু একেটা অভাৰৰ অন্তিম বলত ৰিয়ান পৰাগৰ উইকেট দখল কৰে । তদুপৰি ইনিংছৰ ২০ অভাৰত বলিং কৰে আৱেশ খানে । শ্বিমৰন হেটমায়াৰ তেতিয়াও ৰাজস্থানৰ আশা আছিল যদিও আভেশ খানে ১২ ৰানত তেওঁক পেভিলিয়নৰ বাট দেখুৱাই ।
১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ শক্তিশালী অভিষেক-
লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে এইখন খেলত ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে আই পি এলত অভিষেক ঘটায় । ইয়াৰ উপৰিও তেওঁ আই পি এলৰ ইতিহাসত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে । অভিষেকৰ সময়ত তেওঁ ২০টা বলত ৩৪ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত তেওঁ ২টা চাৰি আৰু ৩টা ছয় কোবাই ।