ইজৰাইল আৰু হামাসৰ মাজত হোৱা যুদ্ধৰ এবছৰৰো অধিক সময় হ’ল, কিন্তু ই থমকি ৰোৱাৰ নামেই লোৱা নাই। ইফালে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে তেওঁৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কটছৰ সৈতে গাজা ভ্ৰমণ কৰিছে।গাজাৰ এটা অজ্ঞাত স্থানত উপস্থিত হৈছিল দুয়ো।
তাত, তেওঁলোকে বন্দীসকলৰ মুকলিৰ বাবে ফিলিস্তিনিসকলক বিত্তীয় পুৰস্কাৰ আৰু অঞ্চলটোৰ পৰা ওলাই যোৱাৰ কথা ঘোষণা কৰিছে।বেঞ্জামিন নেতান্যাহুৱে প্ৰতিজন বন্দীৰ বাবে ৩৮ কোটি টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।
তেওঁ কৈছে যে “ মই সেই সকল লোকক ক’ব বিচাৰিছো যি সকলে এই পৰিস্থিতিৰ পৰা বাহিৰ হ’ব বিচাৰে, যিয়ে আমাক বন্দি কৰি ৰাখিব, তেওঁৰ পৰিয়ালক এটা সুৰক্ষিত উপায়েৰে বাহিৰলৈ উলিয়াই অনা হ’ব।আমি প্ৰতিজন বন্দিত্বৰ বাবে প্ৰায় ৩৮ কোটি টকা পুৰস্কাৰ আগবঢ়াম। কি সিদ্ধান্ত লয় , সেয়া আপোনালেকৰ কথা”।
হামাছে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইল আক্ৰমণ কৰিছিল। য’ত কমেও ১২০০ জন লোকৰ মৃত্যু হৈছে। আনহাতে হাজাৰ হাজাৰ লোক আহত হৈছিল।
এই আক্ৰমণৰ পিছত, হামাচৰ যোদ্ধাসকলে ২৫০ জন ইজৰাইলী নাগৰিকক জিম্মাত লৈছিল। ইয়াৰ পিছত, ইজৰাইলে গাজা আক্ৰমণ কৰে আৰু হামাচৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই আক্ৰমণত এতিয়ালৈকে ৪৩,০০০ ৰো অধিক লোক নিহত হৈছে। আনহাতে ১ লাখতকৈও অধিক লোক আহত হৈছে।