ইজৰাইল-হিজবুল্লাহৰ যুদ্ধত, সাধাৰণ লেবাননৰ নাগৰিকে ইয়াৰ ফল ভুগি কৰিব লগা হৈছে। হাজাৰ হাজাৰ লেবানিজ নাগৰিক গৃহহীন হৈ পৰিছে। তেওঁলোকক ঔষধ আৰু খাদ্যৰ লগতে কাপোৰৰ দৰে বহু সামগ্ৰীৰ অতি প্ৰয়োজন হৈছে।

সেয়েহে, যুদ্ধৰ জুইত দগ্ধ হোৱা পৃথিৱীত, মানৱতাৰ সৰ্বশ্ৰেষ্ঠ পুৰোহিত হৈ ভাৰতে লেবাননলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় অনুসৰি ভাৰতে লেবাননৰ বাবে ৩৩ টনতকৈও অধিক সাহায্য সামগ্ৰী বৈৰুতলৈ প্ৰেৰণ কৰিছে।

ইয়াৰ পূৰ্বেও ভাৰতে ১১ টন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰতে লেবাননৰ নিৰীহ নাগৰিক সকলৰ জীৱন নিৰ্বাহ কৰিবলৈ আৰু তেওঁলোকক এই দুৰ্দশাত সাহস দিবলৈ এই সহায় প্ৰেৰণ কৰিছে।