বিশ্বৰ বাবে, শান্তিৰ বাবে ২০২৪ চন আছিল হতাশাজনক । ইতিমধ্যে বহু দেশ যুদ্ধত পূৰ্বৰ পৰাই লিপ্ত আছিল, আনহাতে এই বছৰ বহু দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছে । লগতে বহু দেশ সন্মুখীন হৈছে গৃহযুদ্ধৰ । এনে পৰিস্থিতিত আটাইতকৈ বেছি বিপদৰ সন্মুখীন হৈছে এই দেশসমূহত থকা সাধাৰণ জনতা । এই বছৰ বিশ্বত এনে বহু ঘটনা সংঘটিত হৈছিল, যাৰ বাবে বিশেষজ্ঞসকলে আগন্তুক কেইবছৰমানৰ ভিতৰত বিশ্বই বৃহৎ যুদ্ধৰ সন্মুখীন হ’ব নেকি বুলি শংকা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল । কাৰণ, এই বৰ্ষত ঘটা সেই ঘটনাবোৰে অদূৰ ভৱিষ্যতে এক ডাঙৰ সংকটৰ দিশে আঙুলিয়াই দিছে ।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :
২০২৪ চনতো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে । আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে ইউক্ৰেইনৰ সৈতে দৃঢ়তাৰে থিয় দিলেও ৰাছিয়াও পিছুৱাই যাবলৈ সাজু নহয় । বছৰৰ শেষৰ ফালে দুটা পৰিঘটনা সংঘটিত হৈছিল যিয়ে ইংগিত দিছিল যে অদূৰ ভৱিষ্যতে শান্তি প্ৰতিষ্ঠা হোৱাৰ আশা কম ।
শেহতীয়াকৈ ৱাশ্বিংটনে ইউক্ৰেইনক ৰাছিয়াৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ আমেৰিকাৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰৰ অনুমতি দিছিল । ইয়াৰ পিছত আমেৰিকাই আন এক ডাঙৰ সিদ্ধান্ত লৈ ইউক্ৰেইনলৈ এণ্টি পাৰ্ছনেল লেণ্ডমাইন প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাছিয়াই নিজৰ পাৰমাণৱিক নীতি সংশোধন কৰে । ইয়াত কেতিয়া পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পৰা যাব সেই সম্পৰ্কে নতুন চৰ্ত নিৰ্ধাৰণ কৰা হৈছে । ৰাছিয়াৰ এই পদক্ষেপ ইউক্ৰেইন যুদ্ধৰ সৈতেও জড়িত হৈ আছে ।
ইজৰাইল–হামাছৰ সংঘাত :
৭ অক্টোবৰ ২০২৩ ইজৰাইলত হামাছৰ বৃহৎ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইহুদী ৰাষ্ট্ৰখনে পেলেষ্টাইনী গোটটোৱে দখল কৰা গাজা ষ্ট্ৰিপত সামৰিক অভিযান আৰম্ভ কৰে । হামাছৰ আক্ৰমণত প্ৰায় ১২০০ লোক নিহত হোৱাৰ বিপৰীতে ২৫০ৰো অধিক লোকক পণবন্দী কৰি ৰখা হয় । ২০২৪ চনত গাজা যুদ্ধই আটাইতকৈ নিষ্ঠুৰ আৰু ভয়াৱহ পৰ্যায়ত প্ৰৱেশ কৰে । হামাছক ধ্বংস কৰাৰ বাবে ইজৰাইলে গাজা ষ্ট্ৰিপক ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিলে । আন্তৰ্জাতিক সকলো সমালোচনাৰ পিছতো ইজৰাইলৰ মনোভাৱৰ কোনো পৰিৱৰ্তন নহ’ল । সমগ্ৰ যুদ্ধখনত আমেৰিকাই দেশখনৰ কাষত থিয় দিছে । গতিকে কোনো আন্তঃৰাষ্ট্ৰীয় হেঁচাই ইহুদী ৰাষ্ট্ৰখনক বিচলিত কৰিব নোৱাৰিলে ।
ইজৰাইল–হিজবুল্লাহঃ
গাজা যুদ্ধই ইজৰাইল-হিজবুল্লাহৰ উত্তেজনাও শিখৰত উপনীত কৰে । ইজৰাইলৰ সেনাই ২৩ ছেপ্টেম্বৰৰ পৰা লেবাননৰ গোটটোৰ ওপৰত ব্যাপক বিমান আক্ৰমণ আৰম্ভ কৰে । ইয়াৰ উপৰিও সীমান্তৰ সিপাৰে ‘সীমিত’ স্থল অভিযান আৰম্ভ কৰে, যাৰ লক্ষ্য হিজবুল্লাহক দুৰ্বল কৰা বুলি জানিব পৰা গৈছে । ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহকে ধৰি বহু সেনাপতি নিহত হোৱাৰ লগতে ইয়াৰ বহু ঘাটিৰ যথেষ্ট ক্ষতিসাধন হয় । দীৰ্ঘদিনীয়া ৰক্তাক্ত সংঘাতৰ অন্তত ইজৰাইল আৰু লেবাননৰ মাজত চুক্তি হয় । কিন্তু বিশ্লেষকসকলে ইয়াক অতি ‘দুৰ্বল মীমাংসা’ বুলি অভিহিত কৰিছে । চুক্তিৰ পাছতো ইজৰাইলৰ আক্ৰমণ অব্যাহত আছিল ।
ছিৰিয়া অভ্যুত্থান :
১৩ বছৰ ধৰি গৃহযুদ্ধত জড়িত এই দেশখন বিগত কেইবছৰমানৰ পৰা তুলনামূলকভাৱে শান্তিপূৰ্ণ হৈ আহিছে যদিও ২০২৪ চনত পৰিস্থিতি সলনি হ’ল । নৱেম্বৰ মাহত ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ বিৰুদ্ধে বিদ্ৰোহী সংগঠনে এক বৃহৎ অভিযান আৰম্ভ কৰিছিল । দীৰ্ঘদিন ধৰি বিদ্ৰোহীৰ সৈতে সফলতাৰে যুঁজ দি থকা আছাদে এইবাৰ নিজৰ ক্ষমতা ৰক্ষা কৰিব নোৱাৰিলে । ৮ ডিচেম্বৰত তেওঁ ক্ষমতা এৰি পলাব লগা হয় । বিশ্লেষকসকলৰ মতে আগন্তুক সময় ছিৰিয়াৰ বাবে অতি কঠিন ।
ইজৰাইল–ইৰাণৰ সংঘাতঃ
২০২৪ চনত প্ৰথমবাৰৰ বাবে ইৰাণ আৰু ইজৰাইলৰ মাজত প্ৰত্যক্ষ সামৰিক সংঘৰ্ষ দেখা গৈছিল । গাজাত ইজৰাইলৰ সামৰিক কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰিছিল ইৰাণে । দেশখ হিজবুল্লাহৰ সমৰ্থকো, গতিকে ইজৰাইলৰ সৈতে প্ৰত্যক্ষ সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ’বলৈ ধৰে ।
১ এপ্ৰিলত ইজৰাইলে ছিৰিয়াৰ দামাস্কাছত থকা ইৰাণৰ কনছুলেট চৌহদত বোমা বিস্ফোৰণ কৰে আৰু ইৰাণৰ কেইবাজনো উচ্চপদস্থ বিষয়াৰ মৃত্যু হয় । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণৰ অক্ষ আৰু ইয়াৰ প্ৰতিৰোধী মিত্ৰশক্তিয়ে ইজৰাইলৰ মালিকানাধীন জাহাজ এম এছ চি মেষ জব্দ কৰে । ১৩ এপ্ৰিলত ইজৰাইলৰ ভিতৰত তেহৰাণ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ চলাইছিল । ইয়াৰ পিছত ইজৰাইলে ১৯ এপ্ৰিলত ইৰাণ আৰু ছিৰিয়াক আক্ৰমণ কৰি প্ৰতিশোধ লয় ।
৩১ জুলাইত তেহৰাণত হামাছৰ ৰাজনৈতিক নেতা ইছমাইল হানিয়াক হত্যা কৰাৰ পিছত উত্তেজনা বৃদ্ধি পায় । ইৰাণ আৰু হিজবুল্লাই ইজৰাইলক হত্যাৰ অভিযোগ উত্থাপন কৰে । ২০২৪ চনৰ অক্টোবৰ মাহত ইৰাণে ইহুদী ৰাষ্ট্ৰখনৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল । ইয়াৰ পিছত ইজৰাইলে ২৫ অক্টোবৰত ইৰাণৰ বিৰুদ্ধে আৰু অধিক প্ৰতিশোধমূলক আক্ৰমণ চলায় ।
চুডান গৃহযুদ্ধ :
২০২৩ চনৰ ১৫ এপ্ৰিলৰ পৰা চুডানত গৃহযুদ্ধ চলি আছে । অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ) আৰু চুডানৰ সশস্ত্ৰ বাহিনী (এছ এ এফ) ৰক্তাক্ত সংঘাতত লিপ্ত হৈছে । আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ অনুমান অনুসৰি চুডানত চলি থকা যুদ্ধই ২৭,১২০তকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে দেশৰ ভিতৰত বা বিদেশত ১ কোটি ৪০ লাখৰো অধিক লোকক স্থানচ্যুত কৰিছে ।