দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক তেলেংগনা উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছত শনিবাৰে পুৱা হায়দৰাবাদ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হয়।
অভিনেতাজনৰ পিতৃ আল্লু অৰবিন্দ আৰু শহুৰেক কাঞ্চৰলা চন্দ্ৰশেখৰে তেওঁক ঘৰলৈ নিবৰ বাবে আহিছিল। আল্লু অৰ্জুনে জামিন লাভ কৰাত আনন্দিত হৈছে তেওঁৰ অনুৰাগী সকল।
কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত আল্লু অৰ্জুনে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিছিল।তেওঁ কয় যে “চিন্তা কৰাৰ একো কাৰণ নাই। মই ভালে আছো”।
“মই আইনৰ শাসনত বিশ্বাস কৰো। আদালতত যিহেতু এই গোচৰটো চলি আছে গতিকে গোচৰটোৰ বিষয়ে মই কোনো মন্তব্য নকৰো। মই এজন আইন পালনকাৰী নাগৰিক। মই আৰক্ষীৰ সৈতে সহযোগিতা কৰিম”।
তেওঁ লগতে কয় “প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ পৰিয়াললৈ মোৰ সমবেদনা। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আছিল। মই পৰিয়ালটোক সকলো ধৰণে সমৰ্থন কৰিবলৈ তাত থাকিম”।
“সকলোৰে মৰম আৰু সমৰ্থনৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আপোনালোকৰ সমৰ্থনৰ বাবে মই আজি ইয়াত আছোঁ। মই মোৰ অনুৰাগীসকলক ধন্যবাদ দিব বিচাৰো”।
উল্লেখ্য যে ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰৰ সময়ত এগৰাকী মহিলাৰ পদপৃষ্ট হৈ মৃত্যু হৈছিল।
এই ক্ষেত্ৰত, অভিনেতা আল্লু অৰ্জুনক যোৱা নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। আল্লু অৰ্জুনক শুক্ৰবাৰে চঞ্চলগুড়া কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হৈছিল আৰু তেওঁক ১৪ দিনৰ ৰিমাণ্ডত প্ৰেৰণ কৰা হৈছিল।