অভিনেত্ৰী তথা প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেনে অলপতে তেওঁৰ বিবাহৰ পৰিকল্পনা আৰু সঠিক সংগী বিচাৰি পোৱাৰ ওপৰত নীৰৱতা ভংগ কৰিছে।
ইনষ্টাগ্ৰাম লাইভ চেছনৰ সময়ত এজন অনুৰাগীয়ে তেওঁক বিবাহৰ পৰিকল্পনাবোৰ ভাগ বতৰা কৰিবলৈ কৈছিল। অভিনেত্ৰী গৰাকীয়ে তেওঁৰ স্বতন্ত্ৰ জীৱনৰ বাবে সদায় চৰ্চাত আছে আৰু প্ৰায়ে তেওঁ কিয় বিবাহ পাশত আৱদ্ধ হোৱা নাই তাক লৈ প্ৰশ্নৰ সন্মুখিন হয়।
সুস্মিতা সেনে এইবাৰ অনুৰাগীসকলক সঁহাৰি জনাই কৈছিল যে, “মইও বিয়া পাতিব বিচাৰো।কিন্তু বিবাহৰ যোগ্য কোনোবা থাকিব লাগে। যাৰে তাৰে লগত বিয়াত বহিব নোৱাৰো ।
সকলোৱে কয় নহয়, অতি ৰোমান্টিক ধৰণে, দুখন হৃদয়ৰ সংযোগ হ’ব লাগে।হৃদয়লৈ কথাটো পাবলৈ লাগিব ন? বিয়াও পাতিম আৰু।”
ইয়াৰ পূৰ্বে, সুস্মিতা সেন আৰু অভিনেতা ৰোহমান শ্বল প্ৰেমৰ সম্পৰ্কত আছিল। তিনি বছৰ ডেটিং কৰাৰ পিছত, তেওঁলোকে এই সম্পৰ্কক ২০২১ চনত সমাপ্ত কৰিছিল।
অৱশ্যে, তেওঁলোক এতিয়াও বন্ধু হৈ আছে আৰু প্ৰায়ে অনুষ্ঠানবোৰত তেওঁলোক দুয়োকে দেখা পোৱা যায়।২০২২ চনত, সুস্মিতা সেনে শিৰোনাম দখল কৰিছিল যেতিয়া আই পি এলৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন অধ্যক্ষ ললিত মোডীয়ে তেওঁক “বেটাৰ হাফ” বুলি পৰিচয় দিছিল।
দুয়োজনৰ কেইবাখনো বিশেষ মূহুৰ্তৰ ফটো ললিত মোডীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। অৱশ্যে, দুয়োজনৰ সোনকালেই বিচ্ছেদ হয়, যাৰ ফলত মোডীয়ে তেওঁৰ ইনষ্টাগ্ৰাম বায়োৰ পৰা সেনৰ নাম আঁতৰাই দিছিল।