আমেৰিকাই য়েমেনৰ হুটী বিদ্ৰোহীসকলৰ অস্ত্ৰ ঘাটী ইতিমধ্যে বোমা বিস্ফোৰণেৰে ধ্বংস কৰিছে। কিন্তু এই ডিপোটো মাটিৰ তলৰ বাংকাৰত আছিল।দৰাচলতে আমেৰিকাই এই অস্ত্ৰ ভাণ্ডাৰ নি:শেষ কৰিবৰ বাবে তেওঁলোকৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ প্ৰয়োগ কৰিছিল ।B-2 বোম্বাৰৰ সহায়ত আমেৰিকাই সংঘটিত কৰে এই ঘটনা।
এই B-2 বোম্বাৰ ইমানেই শক্তিশালী যে মাটিৰ ভিতৰত থকা বাংকাৰো উৰুৱাই নিব পাৰে। এই বোমাটোৰ ওজন প্ৰায় ১৩৬০০ কিলোগ্ৰাম, য’ত ২৪০০ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক ভৰোৱা হয়। ইজৰাইলক সহায় কৰাৰ বাবেই আমেৰিকাই কৰে এই কাণ্ড। দৰাচলতে হুটীৰ তৰফৰ পৰা প্ৰায়েই লক্ষ্য কৰা হয় ইজৰাইলক ।এই ঘটনাৰ জড়িয়তে ইৰানকো আওপকীয়াকৈ সকীয়নি আমেৰিকাৰ।ইৰানৰ সমৰ্থনত ৰাছিয়া অহাৰ বাবেই শংকিত হৈ পৰিছে আমেৰিকা