ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন খেল মেলবৰ্ণত অনুষ্ঠিত হয় । এই মেচখনৰ অন্তিম দিনটোত (৩০ ডিচেম্বৰ) ভাৰতীয় দলটোৱে জয়ৰ বাবে লাভ কৰে ৩৪০ ৰানৰ লক্ষ্য । এই লক্ষ্যৰ অনুসৰণ কৰা অৱস্থাত ভাৰতৰ শীৰ্ষ বেটছমেনসকল ব্যৰ্থ হয় যদিও যশস্বীয়ে এক ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হয় ।
যশস্বীৰ উইকেটক লৈ বিতৰ্ক-
যশস্বীয়ে ২০৮টা বলৰ মুখামুখি হৈ ৮৪ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰিও আছিল । পেট কামিন্সৰ বলত উইকেটৰক্ষক এলেক্স কেৰীৰ হাতত কেচ তুলি আউট হয় যশস্বী । কিন্তু যশস্বী যিদৰে আউট হৈছিল সেয়া কিছু দুৰ্ভাগ্যজনক আছিল । যশস্বীক অন-ফিল্ড আম্পায়াৰে আউট দিয়া নাছিল । কিন্তু অষ্ট্ৰেলিয়াই ডি আৰ এছ লোৱাৰ পাছত থাৰ্ড আম্পায়াৰ শ্বাৰফুদ্দৌলাই (বাংলাদেশ) এই সিদ্ধান্ত বাতিল কৰে ।
ৰিপ্লেত স্নিকো মিটাৰত কোনো স্পাইক দেখা নগ’ল যদিও ডিফ্লেকচনৰ ভিত্তিত বাংলাদেশী আম্পায়াৰ শ্বাৰফুদ্দৌলাই এই সিদ্ধান্ত বাতিল কৰে । এতিয়া প্ৰশ্ন হয় যে যেতিয়া থাৰ্ড আম্পায়াৰ সম্পূৰ্ণ নিশ্চিত নাছিল, তেতিয়া তেওঁ অন-ফিল্ড আম্পায়াৰৰ সৈতে যাব লাগিছিল । থাৰ্ড আম্পায়াৰৰ সিদ্ধান্তক লৈ সুনীল গাভাস্কাৰক উত্তেজিত যেন লাগিছিল । গাভাস্কাৰে কয় যে যদি প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে তেন্তে এনে সিদ্ধান্ত কিয় লোৱা হয় ।
এই সিদ্ধান্তত অসন্তুষ্ট দেখা গৈছে বি চি চি আইৰ উপ সভাপতি ৰাজীৱ শুক্লাক । ৰাজীৱ শুক্লাই টুইট কৰি কয় যে যশস্বী জয়ছোৱাল স্পষ্টভাৱে আউট হোৱা নাছিল । তৃতীয় আম্পায়াৰে এই প্ৰযুক্তিয়ে কি ইংগিত দিছে সেই বিষয়ে গুৰুত্ব দিব লাগিছিল । ফিল্ড আম্পায়াৰৰ সিদ্ধান্ত উলংঘা কৰাৰ সময়ত তৃতীয় আম্পায়াৰৰ জোৰদাৰ কাৰণ থাকিব লাগিব ।
ভাৰতীয় ইনিংছৰ ৭১ নং অভাৰৰ পঞ্চম বলত সংঘটিত হয় এই সমগ্ৰ হুলস্থুল । পেট কামিন্সে সেই বলটো লেগ ষ্টাম্পৰ ওচৰত কৰিছিল । জয়ছোৱালে বল পুল কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু বলটো উইকেটকীপাৰ এলেক্স কেৰীৰ ওচৰলৈ যায় আৰু তেওঁ আগলৈ ডাইভ মাৰি বলটো ধৰে । জয়ছোৱাল আউট বুলি কামিন্সৰ আত্মবিশ্বাস আছিল, সেয়েহে তেওঁ ডি আৰ এছ লৈছিল । যশস্বীৰ সম্পূৰ্ণ আত্মবিশ্বাস আছিল যে তেওঁ আউট নহয় । তৃতীয় আম্পায়াৰৰ সিদ্ধান্তৰ পিছত ফিল্ড আম্পায়াৰৰ সৈতে তৰ্ক-বিতৰ্ক কৰাও দেখা গ’ল ।