মৰিগাওঁ জিলাৰ কাৰাগাৰৰ জেইলাৰ প্ৰশান্ত শইকীয়াৰ বিৰুদ্ধে উৰ্দ্ধতম কতৃপক্ষই লৈছে সিদ্ধান্ত । নিলম্বন কৰা হ’ল জেইলাৰ প্ৰশান্ত শইকীয়াক।নিশা কাৰাগাৰখনৰ পৰা POCSO গোচৰত কাৰাবাস খাটি থকা পাঁচ গৰাকী অপৰাধীয়ে চিনেমাৰ কায়দাৰে কৰিছিল পলায়ন।কাৰাগাৰ কতৃপক্ষৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰম উদ্ভনদালি কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ উৰ্দ্ধতম কতৃপক্ষৰ।