মৰাণ আৰু মটক জনগোষ্ঠীক লৈ এক ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে নিশা ফেচবুক লাইভ যোগে এই জনগোষ্ঠীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰতিশ্ৰুতি পূৰণ
মৰাণ জনগোষ্ঠীৰ বাবে এটা DSP পোষ্ট আৰু এটা মেজিষ্ট্ৰেটৰ পোষ্ট সংৰক্ষণ কৰাৰ কথা আছিল। আজি এই দুয়োটা জনগোষ্ঠীৰ প্ৰতি প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী গৰাৌকীয়ে।
এইবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে মৰাণ, মটক জনগোষ্ঠীৰ স্বাগতা বৰুৱা আৰু মৰাণ জনগোষ্ঠীৰ সেউজ দহোতীয়াই।
সেই প্ৰতিশ্ৰুতি পূৰণ কৰি মৰাণ জনগোষ্ঠীৰ DSPৰ পোষ্ট সংৰক্ষিত আসনত নিযুক্তি দিলে মটক জনগোষ্ঠীৰ পৰা ত্ৰিনয়ন দত্ত আৰু প্ৰাচীত মৰাণক।
ইয়াৰ উপৰিও মটৰ জনগোষ্ঠীৰ তিনি যুৱক-যুৱতী সুস্মিতা বৰুৱা, দিৱাকৰ গোঁহাই, আৰু ইন্দ্ৰানী সেনাপতিয়ে লাভ কৰিছে এই চাকৰি।
ইয়াৰ লগতে চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ স্বচ্ছতা লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুক লাইভটোত উল্লেখ কৰিছে।
তেওঁ কৈছে যে ‘নিযুক্তিৰ ক্ষেত্ৰত সাধন কৰা হৈছে বিশেষ স্বচ্ছতা।কংগ্ৰেছৰ দিনত ধনী-আঢ্যৱন্তৰ লোকেহে চাকৰি পাইছিল’।
‘কিন্তু বৰ্তমান সময়ত টকা-উপঢৌকন নিদিয়াকৈ চাকৰি পোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। এতিয়া সকলো নিযুক্তি প্ৰক্ৰিয়া গংগাৰ দৰে নিৰ্মল হৈছে’।