আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত, ডনাল্ড ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক সম্বোধন কৰে। সকলোকে ধন্যবাদ জনাই তেওঁ কয় যে “ আজি মই ক’ত আছোঁ চাওক। ডনাল্ড ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক ধন্যবাদ জনাই কয় যে মই পূৰ্বে এনে উদযাপন কেতিয়াও দেখা নাই”।তেওঁ লগতে কয় যে “দেশক সুৰক্ষিত কৰিবলৈ তেওঁ সকলো কৰিব। আমেৰিকাৰ বাবে প্ৰতিটো মুহূৰ্ততে তেওঁ কাম কৰি যাব”। তেওঁ আৰু কয় যে “এইটো মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত আৰু মই সকলোবোৰ আমেৰিকালৈ উৎসৰ্গা কৰিছো। মই প্ৰতিজন নাগৰিকৰ বাবে, আপোনাৰ পৰিয়ালৰ বাবে আৰু আপোনালোকৰ ভৱিষ্যতৰ বাবে যুঁজ দিম।যেতিয়ালৈকে আমি আমাৰ সন্তানক এক শক্তিশালী, সুৰক্ষিত আৰু সমৃদ্ধ আমেৰিকা নিদিওঁ তেতিয়ালৈকে মই বিশ্ৰাম নলওঁ”। আজি ৰাতিটো এক ঐতিহাসিক হয় । ইয়াৰ কাৰণটো হৈছে, আমি সেই বাধাবোৰ অতিক্ৰম কৰিছিলো যিবোৰ কোনেও সম্ভৱ বুলি ভবা নাছিল, এইটো সম্পূৰ্ণস্পষ্ট যে আমি আটাইতকৈ অবিশ্বাস্য ৰাজনৈতিক বিজয় লাভ কৰিছো।ভাষণৰ মাজতে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এলন মাস্কৰ নাম উল্লেখ কৰি কয় যে “মোক সমৰ্থন জনোৱাৰ বাবে এলন মাস্কক ধন্যবাদ জনাইছো”।
