আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ড’নাল্ড ট্ৰাম্পক ফোনযোগে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক ভাৰত-আমেৰিকাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰাৰ আহ্বান জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে- “মোৰ বন্ধু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বহুত ভাল বাৰ্তালাপ হয় । মোৰ বন্ধু ট্ৰাম্পক তেওঁৰ দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জনালোঁ । প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু আন বহু ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে পুনৰ এবাৰ একেলগে কাম কৰিবলৈ আগ্ৰহী ।“
নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছিল-
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ আন এটা পোষ্টত ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনায় । “মোৰ বন্ধু ড’নাল্ড ট্ৰাম্পক তেওঁৰ ঐতিহাসিক নিৰ্বাচনী বিজয়ৰ বাবে আন্তৰিক অভিনন্দন । আপোনাৰ পূৰ্বৱৰ্তী কাৰ্যকালৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি, মই ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় আৰু কৌশলগত অংশীদাৰীত্ব অধিক শক্তিশালী কৰাৰ বাবে আমাৰ সহযোগিতাক আগুৱাই নিয়াৰ বাবে আশাবাদী । তেওঁ লগতে কয়, “আহক আমি আমাৰ জনসাধাৰণৰ উন্নতিৰ বাবে আৰু বিশ্বব্যাপী শান্তি, স্থিৰতা আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে একেলগে কাম কৰোঁ ।”