শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণক গুৰুত্বপূৰ্ণ আখ্যা দিয়ে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম নীতি’ আৰু ‘সাগৰ’ দৃষ্টিভংগীত শ্ৰীলংকাৰ অতি গুৰুত্বপূৰ্ণ ।
দেওবাৰে ৰাষ্ট্ৰপতি দিছানায়াকেৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰে । য’ত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ ‘শতিকা পুৰণি বন্ধুত্ব আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ প্ৰতি দায়বদ্ধতা’ বিষয়বস্তুৰ ওপৰত আধাৰিত, যি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰি তুলিছে । বিবৃতিটোত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে দুয়োখন দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ বহুমুখী অংশীদাৰিত্বও অধিক শক্তিশালী কৰিছে ।
পাৰস্পৰিক বিকাশ আৰু প্ৰগতিৰ দিশত ভাল ফলাফল পোৱাৰ আশা-
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ বিবৃতিত আৰু কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম নীতি’ আৰু কূটনৈতিক সম্পৰ্কৰ ‘সাগৰ’ দৃষ্টিভংগীত শ্ৰীলংকাৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰতিফলিত কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ‘পাৰস্পৰিক বিকাশ আৰু প্ৰগতি’ৰ দিশত সহযোগিতামূলক পদক্ষেপৰ ওপৰত ভাল ফলাফল দিব বুলি আশা কৰা হৈছে ।
এই ভ্ৰমণৰ সময়ত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-
উল্লেখ্য যে দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকা ভ্ৰমণ সম্পূৰ্ণ কৰে । ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি দিছানায়াকেক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় । ইয়াৰ মাজতে দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, শক্তি আৰু ডিজিটেলাইজেশ্যনৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবেও কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে । ৰাষ্ট্ৰপতি দিছানায়াকেৰ আমন্ত্ৰণত শ্ৰীলংকাত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী । ২০১৫ চনৰ পিছত মোদীৰ এয়া চতুৰ্থবাৰৰ বাবে শ্ৰীলংকা ভ্ৰমণ । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছত দিল্লীলৈ শ্ৰীলংকাৰ নেতাগৰাকীয়ে প্ৰথম আনুষ্ঠানিক ভ্ৰমণ কৰিছিল ।
মহাবোধী মন্দিৰ দৰ্শন-
দেওবাৰে ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ ঐতিহাসিক চহৰ অনুৰাধাপুৰাৰ জয় শ্ৰী মহাবোধী মন্দিৰ দৰ্শন কৰে । বৌদ্ধ মন্দিৰত প্ৰাৰ্থনাও কৰে তেওঁ । এই সময়ছোৱাত অনুৰাধাপুৰাৰ আঠটা মহান বৌদ্ধ তীৰ্থস্থান (আত্মস্থানধিপতি)ৰ মুখ্য বিষয়া পল্লেগামা হেমৰাথন নায়াকে থেৰাৰ সৈতেও তেওঁৰ আন্তৰিক আলোচনা হয় ।