ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ উৰা মাৰিব । এক্সিয়াম মিছন ৪ (এক্স-৪) সন্দৰ্ভত তথ্য প্ৰদান কৰি নেশ্যনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচনে (নাছা) কয় যে ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা যি ভাৰতীয় মহাকাশচাৰী, চলিত বৰ্ষৰ মে’ মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিব । এই অভিযানত শুভাংশু শুক্লাই মিছন পাইলটৰ ভূমিকা পালন কৰিব ।
গ্ৰুপৰ কেপ্তেইন শুভাংশু শুক্লা-
নাছাই কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) আৰু নাছাৰ সহযোগত এই অভিযান চলোৱা হ’ব । ১৯৮৪ চনত উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাৰ মহাকাশ যাত্ৰাৰ চাৰিটা দশকৰ পাছত ভাৰতৰ পৰা এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয়জন মহাকাশচাৰী হ’ব শুভাংশু শুক্লা । এই অভিযানত তেওঁৰ সৈতে যোগ দিব নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা মিছন কমাণ্ডাৰ পেগী হুইটছন, পোলেণ্ডৰ স্লাভছ উজনানস্কি-উইছনিভস্কি আৰু হাংগেৰীৰ টিবৰ কাপু । এই অভিযান কেৱল ভাৰতৰ বাবেই নহয় পোলেণ্ড আৰু হাংগেৰীৰ বাবেও ঐতিহাসিক হ’ব, কিয়নো এই দেশসমূহ হ’ব আই এছ এছত থকা প্ৰথম মহাকাশচাৰী ।
গগণয়ান মিছনৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় মঞ্চত খোজ-
গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ কাৰ্যসূচী গগণযান অভিযানৰ প্ৰধান মহাকাশচাৰী হিচাপে ইছৰোৱে নিৰ্বাচিত কৰিছে । তিনিদিনীয়াকৈ ৪০০ কিলোমিটাৰ নিম্ন কক্ষপথলৈ তিনিজনীয়া ক্ৰু পঠোৱাটোৱেই গগণযানৰ লক্ষ্য । এই অভিযানৰ বাবে ইছৰোৱে নাছা আৰু আমেৰিকাৰ কোম্পানী এক্সিয়াম স্পেচৰ সৈতে অংশীদাৰিত্ব কৰিছে । যদি কোনো কাৰণত শুক্লাই এই অভিযানত অংশ ল’ব নোৱাৰে তেন্তে তেওঁৰ ঠাইত লব গ্ৰুপ কেপ্তেইন প্ৰসন্ত বালকৃষ্ণন নায়াৰে ।
এক্সিয়াম মিছন ৪ : ব্যক্তিগত মহাকাশ ভ্ৰমণৰ পৰৱৰ্তী পদক্ষেপ-
ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিবলগীয়া এক্সিয়াম মিছন ৪ স্পেচএক্স ড্ৰেগন মহাকাশযান আৰু ফেলকন ৯ ৰকেট ব্যৱহাৰ কৰি মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব । এই অভিযানৰ অধীনত মহাকাশচাৰীসকলে ১৪ দিন আই এছ এছত থাকিব, য’ত তেওঁলোকে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, জনসংযোগ আৰু বাণিজ্যিক কাম-কাজত অংশগ্ৰহণ কৰিব । নাছাৰ তথ্য অনুসৰি এয়া হ’ব চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযান । ইয়াৰ পূৰ্বে ২০২২ চনৰ এপ্ৰিল মাহত এক্সিয়াম মিছন ১, ২০২৩ চনৰ মে’ মাহত মিছন ২ আৰু ২০২৪ চনৰ জানুৱাৰী মাহত মিছন ৩ সফলতাৰে অনুষ্ঠিত হৈছিল ।