নতুন ৱাকফ আইন সন্দৰ্ভত সমগ্ৰ দেশতে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে । এই আইনৰ প্ৰতিবাদত বহু ঠাইত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই আইনৰ প্ৰতিবাদত হিংসাত্মক ঘটনা সন্দৰ্ভত শান্তি বজাই ৰাখিবলৈ সকলো ধৰ্মৰ লোকক আহ্বান জনাইছে । ধৰ্মৰ নামত কোনো ধৰণৰ হিংসা বা উত্তেজনা হ’ব নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে । তেওঁ কয় যে, প্ৰতিজন মানুহৰ জীৱন বহুমূলীয়া । ৰাজনীতিৰ বাবে সমাজৰ ক্ষতি কৰাটো ভুল ।
বংগত কাৰ্যকৰী নহয় ৱাকফ আইন- মমতা
ৱাকফ আইনক লৈ সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ স্থিতি স্পষ্ট কৰে । পশ্চিম বংগত নতুন ৱাকফ আইন কাৰ্যকৰী নহয় বুলিও তেওঁ কয় । তেওঁ কয় যে এই আইন আমি নহয়, কেন্দ্ৰীয় চৰকাৰেহে আনিছে । গতিকে ইয়াৰ উত্তৰো কেন্দ্ৰৰ পৰা বিচাৰিব লাগে ।
হিংসা কিয়…ৰাইজক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী মমতাই-
ৰাজ্যখনত বিয়পি পৰা হিংসাত্মক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাইজক প্ৰশ্ন উত্থাপন কৰে যে যেতিয়া আমি স্পষ্ট কৰি দিছো যে এই আইন বংগত কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব, তেতিয়াহ’লে হিংসা কিয় ? হিংসাৰ বাবে উচটনি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় তেওঁ । লগতে একাংশ ৰাজনৈতিক দলে ধৰ্মৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে মমতাই ।
শান্তিৰ বাবে জনসাধাৰণৰ ওচৰত আবেদন-
সকলো ধৰ্মৰ লোকক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ধৰ্মৰ নামত হিংসা বা উত্তেজনা হ’ব নালাগে বুলিও তেওঁ কয় । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিজন মানুহৰ জীৱন বহুমূলীয়া । ৰাজনীতিৰ বাবে সমাজৰ ক্ষতি কৰাটো ভুল । তেওঁ কয় যে ধৰ্মৰ প্ৰকৃত অৰ্থ হৈছে মানৱতা, সম্প্ৰীতি আৰু শান্তি । ৰাজ্যত শান্তি বজাই ৰাখিবলৈ আৰু কাকো বিপথে পৰিচালিত নহ’বলৈ সকলোকে অনুৰোধ জনালোঁ ।
উল্লেখ্য যে, যে শুকুৰবাৰে পশ্চিম বংগ ৰাজ্যৰ মালদা, মুৰ্ছিদাবাদ, দক্ষিণ ২৪ পৰগনা আৰু হুগলী জিলাত নতুন ৱাকফ আইনৰ প্ৰতিবাদত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । কেইবাখনো বাহনত অগ্নিসংযোগ, আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ লগতে পথ অৱৰোধৰ দৰে ঘটনা সংঘটিত হয় ।