৫ ৰাজ্যৰ ভাগ্য নিৰ্ণয় : আজি ভোটগণনা, কাৰ হ’ব শাসনৰ গাদী?

আজি অসমকে ধৰি পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব । ভাগ্য নিৰ্ণয় হ’ব ৫ ৰাজ্যৰ।

যোৱা এটা মাহ ধৰি চলা নিৰ্বাচনী যুঁজৰ অন্তত এতিয়া অপেক্ষাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটামান মুহুৰ্ত । আজি অসমকে ধৰি পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব । ইতিমধ্যে নিৰ্বাচন আয়োগে ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

৯ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ৫খন ৰাজ্যৰ মুঠ ৮২৩খন বিধানসভা আসনৰ ভাগ্য ইভিএমত বন্দী হৈ আছে । বিশেষকৈ পশ্চিমবংগত শাসকীয় তৃণমূল আৰু বিজেপিৰ মাজত দেখা যোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতাই দেশজুৰি চৰ্চা লাভ কৰিছে ।

একজিষ্ট প’লৰ আগজাননী : কোনে ক’ত মাৰিব শেষ হাঁহি ?

অসম: প্ৰায় সকলো সমীক্ষাই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনডিএ (NDA) চৰকাৰ পুনৰ ক্ষমতালৈ অহাৰ কথা কৈছে।

পশ্চিমবংগ: ইয়াত যুঁজখন অতি তীব্ৰ । একাংশই বিজেপিৰ অগ্ৰগতিৰ কথা ক’লেও মমতা বেনাৰ্জীয়ে ২০০তকৈ অধিক আসন লাভেৰে চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠনৰ আত্মবিশ্বাস প্ৰকাশ কৰিছে ।

কেৰালা: কেৰালাত এইবাৰ ক্ষমতা পৰিৱৰ্তনৰ ইংগিত দি বেছিভাগ সমীক্ষাই ইউডিএফ (UDF) মিত্ৰজোঁটৰ জয়ৰ আগজাননী দিছে ।

তামিলনাডু: এম.কে. ষ্টালিনৰ ডিএমকে মিত্ৰজোঁট আৰু অভিনেতা বিজয়ৰ টিভিকে (TVK) দলৰ মাজত এক নতুন প্ৰকাৰৰ যুঁজ দেখা গৈছে । কিছুমান সমীক্ষাত বিজয়ৰ দলে চমকপ্ৰদ ফলাফল দেখুৱাব বুলি ধাৰণা কৰা হৈছে ।

পুডুচেৰী: ইয়াত পুনৰ এনডিএ মিত্ৰজোঁটেই ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হোৱা দেখা গৈছে ।

কটকটীয়া নিৰাপত্তা ব্যৱস্থা-

ভোটগণনাক কেন্দ্ৰ কৰি যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে গণনাকেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ।

লগতে পঢ়ক: নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত; কাইলৈ ​​ঘোষণা কৰা নহয় বংগৰ সকলো আসনৰ ফলাফল

‘সুন্দৰ একাপ চাহ…’;  বংগৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে টিএমচিৰ সাংসদ ইউছুফ পাথানৰ এটা পোষ্টক লৈ বিতৰ্ক

পশ্চিমবংগৰ মুৰ্ছিদাবাদত ৱাকফ আইনক লৈ হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু বিষয়টো ইতিমধ্যে আদালতত পাইছে গৈ।

এই হিংসাত্মক প্ৰতিবাদৰ সময়ত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষীয়ে ১২ জনক গ্ৰেপ্তাৰ কৰিছে। তাৰ মাজতে বাহাৰমপুৰ আসনৰ পৰা জয়ী হোৱা তৃণমূল কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান সমালোচনাৰ সন্মুখীন হৈছে।

আচলতে তেওঁ মুৰ্ছিদাবাদৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ছ’চিয়েল মিডিয়াত তেওঁ কেইখনমান ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁক আৰামত চাহ খাই থকা দেখা গৈছে।

জনতাই তেওঁৰ সেই পোষ্টটো লাইক কৰাৰ সলনি তেওঁক ট্ৰ’ল হে কৰিছে। ইউছুফ পাথানে দুদিন পূৰ্বে ইনষ্টাগ্ৰামত তিনিখন ছবি শ্বেয়াৰ কৰিছিল।

ফটোৰ লগতে কেপচনত লিখা আছিল, “এটা আৰামদায়ক দুপৰীয়া, একাপ সুন্দৰ চাহ আৰু শান্তিপূৰ্ণ পৰিৱেশ।মাত্ৰ মুহূৰ্তটো উপভোগ কৰি আছো।”

তাৰ পিছতেই পোষ্টটো ভাইৰেল হৈ পৰিছিল।মানুহে পোষ্টটোৰ পিছতেই সাংসদ গৰাকীক ট্ৰ’ল কৰা আৰম্ভ কৰিছে। অৱশ্যে হিংসাত্মক পৰিস্থিতিৰ অধিকাংশ অঞ্চল পাঠানৰ সমষ্টিৰ অংশ নহয়।কিন্তু বংগ জ্বলি থকাৰ সময়ত তেওঁ সামাজিক মাধ্যমত দিয়া পোষ্টটোক লৈ মানুহৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে কয়, ‘বংগ জ্বলি আছে।উচ্চ ন্যায়ালয়ে চকু মুদি ৰাখিব নোৱাৰাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিছে”।

‘মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰসংৰক্ষিত হিংসাৰ প্ৰচাৰত উদগনি জনাইছে , আনহাতে আৰক্ষী নিমাত হৈ আছে। ইয়াৰ মাজতে সাংসদ ইউছুফ পাথানে তৃপ্তিৰে চাহত চুমুক দিছে। এয়াই টিএমচি”।

এই সমালোচনাৰ সন্দৰ্ভত অৱশ্যে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ইউছুফ পাথানে।

‘হিংসা কিয়, পশ্চিমবংগত কাৰ্যকৰী নহয় ৱাকফ আইন’… মুৰ্ছিদাবাদ হিংসাক লৈ মমতা বেনাৰ্জীৰ প্ৰথম প্ৰতিক্ৰিয়া

নতুন ৱাকফ আইন সন্দৰ্ভত সমগ্ৰ দেশতে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে । এই আইনৰ প্ৰতিবাদত বহু ঠাইত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই আইনৰ প্ৰতিবাদত হিংসাত্মক ঘটনা সন্দৰ্ভত শান্তি বজাই ৰাখিবলৈ সকলো ধৰ্মৰ লোকক আহ্বান জনাইছে । ধৰ্মৰ নামত কোনো ধৰণৰ হিংসা বা উত্তেজনা হ’ব নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে । তেওঁ কয় যে, প্ৰতিজন মানুহৰ জীৱন বহুমূলীয়া । ৰাজনীতিৰ বাবে সমাজৰ ক্ষতি কৰাটো ভুল ।

বংগত কাৰ্যকৰী নহয় ৱাকফ আইন- মমতা

ৱাকফ আইনক লৈ সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ স্থিতি স্পষ্ট কৰে । পশ্চিম বংগত নতুন ৱাকফ আইন কাৰ্যকৰী নহয় বুলিও তেওঁ কয় । তেওঁ কয় যে এই আইন আমি নহয়, কেন্দ্ৰীয় চৰকাৰেহে আনিছে । গতিকে ইয়াৰ উত্তৰো কেন্দ্ৰৰ পৰা বিচাৰিব লাগে ।

হিংসা কিয়…ৰাইজক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী মমতাই-

ৰাজ্যখনত বিয়পি পৰা হিংসাত্মক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাইজক প্ৰশ্ন উত্থাপন কৰে যে যেতিয়া আমি স্পষ্ট কৰি দিছো যে এই আইন বংগত কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব, তেতিয়াহ’লে হিংসা কিয় ? হিংসাৰ বাবে উচটনি দিয়াসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কয় তেওঁ । লগতে একাংশ ৰাজনৈতিক দলে ধৰ্মৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে মমতাই ।

শান্তিৰ বাবে জনসাধাৰণৰ ওচৰত আবেদন-

সকলো ধৰ্মৰ লোকক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ধৰ্মৰ নামত হিংসা বা উত্তেজনা হ’ব নালাগে বুলিও তেওঁ কয় । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিজন মানুহৰ জীৱন বহুমূলীয়া । ৰাজনীতিৰ বাবে সমাজৰ ক্ষতি কৰাটো ভুল । তেওঁ কয় যে ধৰ্মৰ প্ৰকৃত অৰ্থ হৈছে মানৱতা, সম্প্ৰীতি আৰু শান্তি । ৰাজ্যত শান্তি বজাই ৰাখিবলৈ আৰু কাকো বিপথে পৰিচালিত নহ’বলৈ সকলোকে অনুৰোধ জনালোঁ ।

উল্লেখ্য যে, যে শুকুৰবাৰে পশ্চিম বংগ ৰাজ্যৰ মালদা, মুৰ্ছিদাবাদ, দক্ষিণ ২৪ পৰগনা আৰু হুগলী জিলাত নতুন ৱাকফ আইনৰ প্ৰতিবাদত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । কেইবাখনো বাহনত অগ্নিসংযোগ, আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ লগতে পথ অৱৰোধৰ দৰে ঘটনা সংঘটিত হয় ।