ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা তিনিখনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন খেল ১ নৱেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ’ব । ইতিমধ্যে বেংগালুৰু আৰু পুনেৰ মেচত জয়ী হৈ এই শৃংখলাত দখল কৰিছে কিৱি দলে । এতিয়া ভাৰতীয় দলটোৱে হোৱাইট ৱাশ্বৰ পৰা হাত সাৰিবলৈ লক্ষ্য ৰাখিছে । ১২ বছৰীয়া ঘৰুৱা টেষ্টত ভাৰতৰ বিজয় ৰথ স্তব্ধ কৰি নিউজীলেণ্ডে ইতিমধ্যে ইতিহাস সৃষ্টি কৰিছে । ইয়াৰ পিছতে এতিয়া কিৱি বাহিনীয়ে ৰোহিত শৰ্মা দলৰ আন এক অভিলেখ ভংগ কৰিবলৈ চেষ্টা কৰিব । গতিকে মুম্বাইত এতিয়া ৰোহিত এণ্ড কোম্পানীৰ সন্মান বাজীত লাগিছে ।

ইতিহাস সৃষ্টিৰ ওচৰত নিউজীলেণ্ড-
ধাৰাবাহিকভাৱে তিনিখন বা তাতকৈ অধিক টেষ্ট মেচত ভাৰতক হোৱাইট ৱাশ্ব কৰা প্ৰথমটো দল হ’ব পাৰে নিউজীলেণ্ড । ভাৰতৰ টেষ্ট ইতিহাসত এতিয়ালৈকে এনেকুৱা কেতিয়াও হোৱা নাই । কোনো দলেই ঘৰুৱা খেলপথাৰত ভাৰতীয় দলক হোৱাইট ৱাশ্ব কৰিব পৰা নাই । এতিয়া নিউজীলেণ্ডৰ হাতত এই সুযোগ আছে । এনে পৰিস্থিতিত এতিয়া ভাৰতীয় দলটোৱে মুম্বাই টেষ্টত কেনেদৰে পুনৰ প্রত্যাৱর্তন ঘটাব সেয়া লক্ষ্যণীয় হ’ব ৷
শেষবাৰৰ বাবে ২০০০ চনত ঘৰুৱা খেলপথাৰত কোনো শৃংখলাত ভাৰতে এখনো টেষ্ট মেচত জয়ী হ’ব পৰা নাছিল । দুখন মেচৰ শৃংখলাত ২-০ ব্যৱধানত জয়লাভ কৰিছিল দক্ষিণ আফ্ৰিকাই । সেই সময়ত শচীন তেণ্ডুলকাৰ দলৰ অধিনায়ক আছিল । এই শৃংখলাত ভাৰতে চাৰিটা ইনিংছত ২৫০ ৰানৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল । সেই সময়ত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আছিল হান্সি ক্ৰনিয়েৰ ।
১৯৯৭ চনত হৈছিল এই ঘটনা-
তিনিখনীয়া মেচৰ টেষ্ট শৃংখলাৰ কথা ক’বলৈ গ’লে শেষবাৰৰ বাবে ১৯৯৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে এখনো মেচত জয়ী হ’ব পৰা নাছিল । সেই সময়তো শচীন তেণ্ডুলকাৰ অধিনায়ক আছিল আৰু অৰ্জুন ৰত্নাটুংগা শ্ৰীলংকাৰ অধিনায়ক আছিল । ৰোহিত শৰ্মা আৰু তেওঁৰ দলটোৱে এতিয়া অবাঞ্চিত অভিলেখ গঢ়িবলৈ আগবাঢ়িছে । এই কাৰণে সকলোৰে দৃষ্টি ভাৰতৰ ওপৰত থাকিব, কাৰণ এতিয়া ভাৰতৰ WTC ফাইনেলত প্ৰৱেশৰ সম্ভাৱনাও বাজীত পৰিছে । ৱাংখেড়ে ষ্টেডিয়ামৰ পিটচতো গুৰুত্ব দিয়া হ’ব, কাৰণ ভাৰতে স্পীন ফ্ৰেণ্ডলী খেলপথাৰত পুনেত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । WTC ফাইনেলত প্ৰৱেশ কৰিবলৈ এতিয়া ভাৰতে প্ৰায় প্ৰতিখন মেচতে জয়লাভ কৰিব লাগিব ।