দেশ আৰু বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়সমূহৰ স্থান নিৰ্ধাৰণ কৰা QS Asia University Rankings ২০২৫ ৰ তালিকা প্ৰকাশ পাইছে । এই তালিকাত আই আই টি বম্বেক অতিক্ৰম কৰি আই আই টি দিল্লীয়ে শীৰ্ষ স্থান দখল কৰিছে । এছিয়াৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ তালিকাত আই আই টি দিল্লীয়ে ৪৪ নম্বৰ স্থান লাভ কৰিছে । আনহাতে, আই আই টি বম্বে ৪৮ নম্বৰ স্থানত থাকিল । এই ৰেংকিঙত ভাৰতীয় শিক্ষানুষ্ঠানৰ স্থিতি কি আছিল জানো আহক ।
আই আই টি দিল্লী আৰু বম্বেই এই মাপকাঠীসমূহ পূৰণ কৰিছিল-
পি এইচ ডি ষ্টাফৰ মাপকাঠীত আই আই টি দিল্লীয়ে ভাল প্ৰদৰ্শন কৰিছে । আনহাতে আই আই টি বম্বে শৈক্ষিক সুনাম আৰু নিয়োগকৰ্তাৰ সুনামৰ দৰে পৰিমাপত শ্ৰেষ্ঠ হৈয়েই থাকিল । এই কাৰণেই দুয়োখনেই শীৰ্ষ ৫০ খন প্ৰতিষ্ঠানত স্থান লাভ কৰাত সফল হয় ।
ছটা প্ৰতিষ্ঠানে স্থান লাভ কৰে-
এই দুখনৰ উপৰিও আই আই টি মাদ্ৰাজ, আই আই টি খড়গপুৰ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স আৰু আই আই টি কানপুৰেও এছিয়াৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে । আই আই টি মাদ্ৰাজে ৫৬ নম্বৰ, আই আই টি খড়গপুৰ ৬০, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স ৬২ আৰু আই আই টি কানপুৰ ৬৭ নম্বৰ স্থান লাভ কৰে ।
ভাৰত আৰু পাকিস্তানক একত্ৰিত কৰি গঠিত দক্ষিণ এছিয়াৰ শাখাত দুয়োখন দেশৰ মুঠ ৩০৮খন বিশ্ববিদ্যালয়ৰ ভিতৰত আই আই টি দিল্লীয়ে শীৰ্ষ স্থান দখল কৰিছে ।
এই মাপকাঠীসমূহৰ ওপৰত ৰেংকিং প্ৰস্তুত কৰা হয়-
কেইবাটাও পৰিমাপত পোৱা নম্বৰৰ ভিত্তিত QS Asia University Rankings প্ৰস্তুত কৰা হয় । ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় অধ্যাপক, পি এইচ ডি থকা কৰ্মচাৰী, অধ্যাপক-ছাত্ৰ অনুপাত, ইনবাউণ্ড বিনিময়, আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ, আউটবাউণ্ড বিনিময়, প্ৰতি অধ্যাপকৰ গৱেষণা পত্ৰ, আন্তঃৰাষ্ট্ৰীয় গৱেষণা নেটৱৰ্ক, শৈক্ষিক সুনাম, প্ৰতিখন গৱেষণা পত্ৰৰ উদ্ধৃতি আৰু নিযুক্তিৰ সুনাম আদি পৰিমাপসমূহ অন্তৰ্ভুক্ত ।