দেশৰ শীৰ্ষ অভিযান্ত্ৰিক প্ৰতিষ্ঠান… এই প্ৰতিষ্ঠানসমূহে ২০২৫ বৰ্ষত বিস্তাৰ কৰিছিল আধিপত্য

২০২৫ বৰ্ষত দেশত শীৰ্ষত থকা অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ বিষয়ে জানক…

মেলানি মাগিবলৈ সাজু হৈছে ২০২৫ বৰ্ষই । চলিত বৰ্ষতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত তেওঁলোকৰ শিক্ষাৰ সন্দৰ্ভত অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহ আটাইতকৈ বেছি চৰ্চিত বিষয় হৈ পৰিছে । প্ৰতি বছৰে লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে দেশৰ শ্ৰেষ্ঠ অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তিৰ সপোন দেখে । গতিকে এইবাৰ কোনবোৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানে শীৰ্ষস্থান দখল কৰিছে সেয়া জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ ।

যোৱা মাহত শিক্ষা মন্ত্ৰালয়ে এন আই আৰ এফ ৰেংকিং ২০২৫ প্ৰকাশ কৰিছিল । ইয়াত দেশৰ শীৰ্ষ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ তালিকা প্ৰকাশ কৰা হয় । শিক্ষাৰ মানদণ্ড, গৱেষণা, অধ্যাপকৰ অভিজ্ঞতা, ছাত্ৰ-ছাত্ৰীৰ উন্নত ভৱিষ্যত আৰু প্লেচমেণ্ট আদি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ বিবেচনা কৰি এই ৰেংকিং প্ৰস্তুত কৰা হয় । এইবাৰো দেশৰ প্ৰখ্যাত প্ৰতিষ্ঠানসমূহৰ আধিপত্য দেখা গ’ল ।

প্ৰথম স্থানত আই আই টি মাদ্ৰাজ-

আই আই টি মাদ্ৰাজে পুনৰবাৰ এন আই আৰ এফ ৰেংকিংছ ২০২৫ত শীৰ্ষস্থান দখল কৰে । প্ৰতিষ্ঠানটোৱে অভিযান্ত্ৰিক শাখাত প্ৰথম স্থান দখল কৰে । আই আই টি মাদ্ৰাছে ৮৮.৭২ৰ আকৰ্ষণীয় স্ক’ৰ লাভ কৰে, যিয়ে শৈক্ষিক, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ইয়াৰ নেতৃত্বৰ ইংগিত দিয়ে । আই আই টি মাদ্ৰাজে কেইবাবছৰ ধৰি ধাৰাবাহিকভাৱে শীৰ্ষস্থান দখল কৰি আহিছে আৰু ২০২৫ চনতো ইয়াৰ পৰিচয় অব্যাহত আছে ।

দ্বিতীয় আৰু তৃতীয় স্থানত কোন ?

আই আই টি দিল্লীয়ে ৮৫.৭৪ স্ক’ৰেৰে দ্বিতীয় স্থানত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে । ইয়াৰ পিছতে আই আই টি বম্বেই ৮৩.৬৫ স্ক’ৰেৰে তৃতীয় স্থান লাভ কৰিছে । দুয়োখন প্ৰতিষ্ঠানেই দীৰ্ঘদিন ধৰি দেশৰ আটাইতকৈ বিশ্বাসযোগ্য অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ ভিতৰত অন্যতম । তেওঁলোকৰ স্নাতকসকলে ভাৰত আৰু বিদেশৰ ডাঙৰ ডাঙৰ কোম্পানীত কাম কৰি আছে ।

উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ উপস্থিতি-

চতুৰ্থ স্থানত আছে আই আই টি কানপুৰ । দেশৰ আগশাৰীৰ এই অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনৰ স্ক’ৰ ৮১.৮২ । পশ্চিম বংগত অৱস্থিত আৰু দেশৰ অন্যতম পুৰণি আই আই টি খড়গপুৰে পঞ্চম স্থান লাভ কৰিছে । এই প্ৰতিষ্ঠানটো গৱেষণা আৰু কাৰিকৰী শিক্ষাৰ বাবে পৰিচিত ।

এই প্ৰতিষ্ঠানসমূহ শীৰ্ষ ১০ৰ ভিতৰত অন্তৰ্ভুক্ত-

আই আই টি ৰুৰকিয়ে ৭৫.৪৪ স্ক’ৰেৰে ষষ্ঠ স্থান লাভ কৰিছে । ইয়াৰ পিছতে সপ্তম স্থানত আই আই টি হায়দৰাবাদ আৰু অষ্টম স্থানত আই আই টি গুৱাহাটী আছে । এইবাৰ আই আই টি হায়দৰাবাদে ৰেংকিঙত এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আই আই টি গুৱাহাটীক অতিক্ৰম কৰি এটা স্থান আগুৱাইছে ।

ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (এন আই টি) তিৰুচিৰাপল্লীয়ে নৱম স্থান লাভ কৰাৰ বিপৰীতে আই আই টি (বি এইচ ইউ) বাৰাণসীয়ে দশম স্থান দখল কৰিছে । তাৎপৰ্যপূৰ্ণভাৱে শীৰ্ষ ১০ ৰ ভিতৰত আই আই টিৰ সমান্তৰালকৈ এন আই টি অন্তৰ্ভুক্ত হোৱাটোৱে ইংগিত দিয়ে যে দেশৰ আন প্ৰতিষ্ঠানসমূহো দ্ৰুতগতিত আগবাঢ়িছে ।

লগতে পঢ়ক : এম বি এ কৰাৰ কথা ভাবিছে নেকি ? জানক ভাৰতৰ শীৰ্ষ ১০ খন মেনেজমেন্ট প্ৰতিষ্ঠান

আই আই টি দিল্লীৰ কৃতিত্ব; বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত দেশৰ ৫০ খন বিশ্ববিদ্যালয়;

আই আই টি দিল্লীৰ কৃতিত্ব

এইবাৰৰ QS World University Rankings ২০২৬ ত ভাৰতীয় বিশ্ববিদ্যালয়সমূহে উন্নত প্ৰদৰ্শন আগবঢ়াইছে । প্ৰায় ৫০% ভাৰতীয় প্ৰতিষ্ঠানৰ ৰেংকিং উন্নত হৈছে, যিটো দেশৰ উচ্চ শিক্ষা ব্যৱস্থাৰ বাবে এক ডাঙৰ কৃতিত্ব হিচাপে বিবেচিত হৈছে । আই আই টি দিল্লীয়ে এই বছৰত সৰ্বাধিক অগ্ৰগতি লাভ কৰিছে । এই প্ৰতিষ্ঠানখনে এতিয়া বিশ্ব ৰেংকিঙত ১২৩ সংখ্যক স্থান দখল কৰিছে । দুবছৰ পূৰ্বে অৰ্থাৎ ২০২৪ চনত দেশৰ এই সন্মানীয় প্ৰতিষ্ঠানখনে ১৯ সংখ্যক স্থান দখল কৰিছিল আৰু ২০২৫ চনত ইয়াৰ স্থান আছিল ১৫০ ।

যোৱাবাৰ ভাৰতত প্ৰথম স্থান লাভ কৰা আই আই টি বম্বে এতিয়া দ্বিতীয় স্থানত আছে । অৱশ্যে ইয়াৰ ৰেংকিং কিছু হ্ৰাস পাইছে– ২০২৫ চনত ই ১১৮ত আছিল আৰু এতিয়া ১২৯ লৈ অৱনমিত হৈছে । আই আই টি মাদ্ৰাজৰো ৰেংকিঙৰ ডাঙৰ উন্নতি হৈছে । চেন্নাইস্থিত এই প্ৰতিষ্ঠান এতিয়া ১৮০ নম্বৰ স্থানত আছে, যিটো প্ৰথমবাৰৰ বাবে শীৰ্ষ ২০০ ৰ ভিতৰত প্ৰৱেশ কৰিছে । যোৱা বছৰ ই ২২৭ নম্বৰত আছিল ।

ৰেংকিং তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ ৮ খন প্ৰতিষ্ঠান-

এই তিনিখন প্ৰতিষ্ঠানৰ পিছতে আই আই টি খড়গপুৰ আৰু আই আই এছ চি বাংগালোৰে চতুৰ্থ আৰু পঞ্চম স্থান দখল কৰিছে । দিল্লী বিশ্ববিদ্যালয়ৰ ৰেংকিঙো উন্নত হৈছে । এই প্ৰতিষ্ঠানখন এতিয়া ৩২৮ নম্বৰ স্থানত উপনীত হোৱাৰ বিপৰীতে যোৱা বছৰ ৪০৭ নম্বৰ স্থানত আছিল । এইবাৰ ভাৰতৰ ৮ খন নতুন প্ৰতিষ্ঠান এই ৰেংকিঙত অন্তৰ্ভুক্ত হৈছে । এতিয়া ভাৰতৰ মুঠ ৫৪ খন প্ৰতিষ্ঠানক QS ৰেংকিঙত অন্তৰ্ভুক্ত কৰা হৈছে । আমেৰিকা (১৯২), ব্ৰিটেইন (৯০) আৰু চীন (৭২)ৰ পিছতে ভাৰত চতুৰ্থ স্থানত আছে ।

বিশ্বৰ কথা ক’বলৈ গ’লে এইবাৰো মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) প্ৰথম স্থানত আছে । একেৰাহে ১৪ বৰ্ষৰ বাবে এই প্ৰতিষ্ঠান প্ৰথম স্থানত আছে ।

লগতে পঢ়ক : দিল্লী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আঁতৰোৱা হ’ল মনুস্মৃতি পাঠদান