দীপাৱলীৰ প্ৰাকক্ষণত বলীউডে লৈ আনিছে ২খনকৈ ব্লক ব্লাষ্টাৰ ফিল্ম। এই দীপাৱলীত ভাৰতীয় বক্স অফিচত দুখন ডাঙৰ ছবিয়ে খলকনিৰ সৃষ্টি কৰিব ।কাৰ্তিক আৰ্য়ইন অভিনীত bhool bhulaiyaa 3 আৰু অজয় দেৱগন অভিনীত সিংঘম এগেইন দুয়োখনেই ১ নৱেম্বৰ তাৰিখে মুক্তি পাব।
এই প্ৰতিযোগিতাৰ মাজতে কিছু আন্তঃৰাষ্ট্ৰীয় ছবি জগতত দুয়োখন ছবি নিষিদ্ধ কৰা বুলি খবৰ ওলাইছে, যাৰ ফলত এই প্ৰতিযোগীতাত এক অপ্ৰত্যাশিত টুইষ্ট যোগ হৈছে।
সিংঘম এগেইন আৰু bhool bhulaiyaa 3 এই দেশত নিষিদ্ধ । অজয় দেৱগনৰ সিংঘম এগেইন আৰু কাৰ্তিক আৰিয়ানৰ bhool bhulaiyaa 3 ছবিখনৰ বিষয়বস্তুক লৈ উদ্বেগ প্ৰকাশৰ বাবে ছৌদি আৰৱত নিষিদ্ধ কৰা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত ‘সিংঘম এগেইন’ ছবিখনৰ কাহিনীভাগ হিন্দু-মুছলমানৰ উত্তেজনাৰ সৈতে জড়িত হোৱাৰ বাবে নিষিদ্ধ আছিল। শ্বেট্টীৰ কপ ইউনিভাৰ্ছৰ পঞ্চম কিস্তিৰ এই ছবিখনত কৰীনা কাপুৰ, ৰণবীৰ সিং, দীপিকা পাডুকন, অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ, আৰু জেকী শ্ৰফৰ সৈতে ডিচিপি বাজিৰাও সিংঘমৰ চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগনে।
ইফালে, অনিছ বাজমীৰ পৰিচালনাত নিৰ্মিত ‘bhool bhulaiyaa 3’ ছবিখনে সমকামিতাৰ কিছুমান বিশেষ চিত্ৰণৰ বাবে ছৌদি আৰৱত নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে। ছবিখনত অভিনয় কৰিছে কাৰ্তিক আৰয়নে, য’ত বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে তৃপ্তী ডিমৰি, বিদ্যা বালান, আৰু মাধুৰী দীক্ষিত।
ছৌদি চৰকাৰৰ এই সিদ্ধান্তই ছবিৰ বিষয়বস্তুৰ সন্দৰ্ভত চলি থকা সাংস্কৃতিক সংবেদনশীলতাক প্ৰতিফলিত কৰিছে।