‘পুষ্পা ২: দ্য ৰুল’ বছৰৰ অন্যতম এখন প্ৰত্যাশিত ছবি, যিখন ছবি চাবলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে । এই ছবিখনৰ জৰিয়তে ৰাষ্ট্ৰীয় বঁটা বিজয়ী আল্লু অৰ্জুনে পুনৰ আহি আছে নিজৰ অনন্য আৰু স্মৰণীয় চৰিত্ৰ পুষ্পা ৰাজক লৈ । অনুৰাগীৰ মাজত ছবিখনৰ উত্তেজনা দিনক দিনে বাঢ়ি অহাৰ সময়তে ছবিখনে মুক্তিৰ পূৰ্বেই অভিলেখ ভংগ কৰিবলৈ আৰম্ভ কৰিছে ! ইয়াৰ মুঠ প্ৰি-ৰিলিজ সংগ্ৰহ হৈছে ১০৮৫ কোটি ।
আল্লু অৰ্জুনে ‘পুষ্পা: দ্য ৰাইজ’ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় । এতিয়া বক্স অফিচত খলকনি তুলিবলৈ সাজু হৈছে ‘পুষ্পা ২: দ্য ৰুল’ আৰু এইদৰে ছবিখন ইতিমধ্যে চৰ্চাৰ বিষয় হৈ পৰিছে । ইতিমধ্যে ছবিখনে মুক্তিৰ পূৰ্বে ১০৮৫ কোটি টকাৰ বিপুল সংগ্ৰহ লাভ কৰিছে ।
‘পুষ্পা ২: দ্য ৰুল’-এ অভিলেখ গঢ়িলে-
এই উল্লেখযোগ্য সাফল্যই এটা অভিলেখ ভংগ কৰিছে আৰু এতিয়ালৈকে ভাৰতৰ আটাইতকৈ লাভজনক চলচ্চিত্ৰ চুক্তিসমূহৰ ভিতৰত এটা হিচাপে বিবেচিত হৈছে । খবৰ অনুসৰি থিয়েট্ৰিকেল ৰাইটছ ৬৪০ কোটি টকাত বিক্ৰী কৰা হৈছে । ইয়াৰ লগতে ছবিখনে এক বৃহৎ ডিজিটেল চুক্তিত স্বাক্ষৰ কৰিছে, য’ত নেটফ্লিক্সে ২৭৫ কোটি টকাত ৰাইটছ ক্ৰয় কৰিছে ।
‘পুষ্পা ২: দ্য ৰুল’ৰ উপাৰ্জন-
যদি আমি আল্লু অৰ্জুনৰ ‘পুষ্পা ২: দ্য ৰুল’ৰ সামগ্ৰিক প্ৰি-ৰিলিজ ব্যৱসায়লৈ চাওঁ তেন্তে ছবিখনে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত ২২০ কোটি , উত্তৰ ভাৰতত ২০০ কোটি , তামিলনাডুত ৫০ কোটি , কৰ্ণাটকত ৩০ কোটি, কেৰালাত ২০ কোটি টকা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ১৪০ কোটি টকা উপাৰ্জন কৰিছে । ইয়াৰ উপৰিও সংগীতৰ অধিকাৰ ৬৫ কোটি আৰু চেটেলাইটৰ অধিকাৰ ৮৫ কোটিত বিক্ৰী কৰা হৈছে । ছবিখনে নন-থিয়েটাৰ ৰাইটছৰ পৰা ৪২৫ কোটি টকা উপাৰ্জন কৰিছে ।
‘পুষ্পা ২: দ্য ৰুল’ৰ অভিনেতা-অভিনেত্ৰী-
২০২৪ চনৰ ৬ ডিচেম্বৰত বিশ্বৰ চিনেমাগৃহত মুক্তি পাবলৈ গৈ আছে ‘পুষ্পা ২: দ্য ৰুল’। এই ছবিখন সুকুমাৰে পৰিচালনা কৰিছে আৰু প্ৰযোজনা কৰিছে মিথ্ৰি মুভি মেকাৰছে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আল্লু অৰ্জুন, ৰশ্মিকা মন্দনা আৰু ফাহাদ ফাচিলে। ছবিখনৰ সংগীত টি-ছিৰিজৰ ।
ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছত বক্স অফিচত খলকনি তুলিবলৈ ওলাইছে আল্লু অৰ্জুনে । বছৰৰ বহু প্ৰত্যাশিত ছবি Pushpa2TheRule য়ে মুঠ প্ৰি-ৰিলিজ সংগ্ৰহ ১০৬০ কোটি টকা উপাৰ্জন কৰিছে ! এইটো সঁচা যে এয়া এক অনন্য কৃতিত্ব, কিয়নো মুক্তিৰ পূৰ্বে কোনো ছবিয়ে ইমান বিশাল সংগ্ৰহ লাভ কৰা নাই । ইতিমধ্যে আল্লু অৰ্জুনে শক্তিশালী আৰম্ভণি কৰিছে, আনহাতে ছবিখন মুক্তিৰ বাবে এতিয়াও ডেৰ মাহ বাকী আছে । যদি এয়া মাত্ৰ আৰম্ভণিহে, তেন্তে কল্পনা কৰকচোন ছবিখন মুক্তি পালে কিমান ৰেকৰ্ড ভংগ হ’ব !