পৰিচালক সুকুমাৰৰ বহু প্ৰত্যাশিত একচন থ্ৰিলাৰ ছবি পুষ্পা ২: দ্য ৰুল ৫ ডিচেম্বৰত মুক্তি পাবলৈ সাজু হৈছে । আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাৰ পুষ্পা ২এ মুক্তিৰ পূৰ্বেই ইতিহাস সৃষ্টি কৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পুষ্পাঃ দ্য ৰুলে নিজৰ নন থিয়েট্ৰিকেল ৰাইটছৰ পৰা কোটি কোটি টকাৰ ব্যৱসায় কৰিছে, যিয়ে অভিলেখ সৃষ্টি কৰিছে ।
পুষ্পা: দ্য ৰুলৰ মুক্তিৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে ছবিখনক লৈ অনুৰাগীৰ উত্তেজনা বাঢ়িছে । ছবিখনে মুক্তিৰ পূৰ্বেই বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে । ২০২১ চনৰ ১৭ ডিচেম্বৰত মুক্তি পোৱা ব্লকবাষ্টাৰ ছবি পুষ্পা-দ্য ৰাইজৰ বহু প্ৰত্যাশিত ছিকুৱেল পুষ্পা ২য়ে নন-থিয়েট্ৰিকেল অধিকাৰৰ বাবে অভিলেখ ভংগকাৰী চুক্তি লাভ কৰিছে ।
পুষ্পা ২ৰ নন-থিয়েট্ৰিকেল অধিকাৰে ভাৰতৰ অন্যতম প্ৰত্যাশিত ছবি হিচাপে নিজৰ স্থান দৃঢ় কৰি তুলিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দক্ষিণৰ প্ৰযোজক কে ই জ্ঞানভেল ৰাজাই প্ৰকাশ কৰিছে যে কেৱল হিন্দী সংস্কৰণৰ নন-থিয়েট্ৰিকেল অধিকাৰ ২৬০ কোটি টকাত ক্ৰয় কৰা হৈছে, যাৰ ফলত দেশত একক বা বহুভাষিক নন-থিয়েট্ৰিকেল অধিকাৰ আহৰণৰ বাবে এক নতুন অভিলেখ স্থাপন হৈছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰযোজক ৰাজাই আৰু কয় যে পুষ্পা ২ ছবিখনৰ সংগ্ৰহে আনকি কে জি এফ ২ৰ সংগ্ৰহকো অতিক্ৰম কৰিব আৰু এই ছবিখনে অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে । পৰিচালক সুকুমাৰৰ ছবি পুষ্পা ২ আৰু কে জি এফ সন্দৰ্ভত প্ৰযোজক ৰাজাৰ আশা সঁচা হয় নে নহয় সেয়া সময়েহে সিদ্ধান্ত ক’ব ।
পুষ্পা ২ য়ে ইয়াৰ পূৰ্বৱৰ্তী সংস্কৰণৰ তুলনাত আৰু ডাঙৰ চলচ্চিত্ৰ বুলি দাবী কৰিছে । ট্ৰেইলাৰ আৰু ছবিখনৰ বাবে অনুৰাগীসকলৰ মাজত থকা উত্তেজনাৰ ওপৰত নিৰ্ভৰ কৰি, ই বক্স অফিচৰ কেইবাটাও অভিলেখ ভংগ কৰাৰ আৰু ভাৰতীয় চলচ্চিত্ৰত এক ঐতিহাসিক চলচ্চিত্ৰ হিচাপে নিজৰ বাবে স্থান নিৰ্মাণ কৰাৰ সম্ভাৱনা আছে ।