মানসিক চাপ, খং আৰু উদ্বেগ বৰ্তমান ব্যস্ত জীৱনৰ এটা অংশ হৈ পৰিছে । কৰ্মৰ চাপ, ব্যক্তিগত জীৱনৰ প্ৰত্যাহ্বান আৰু ক্ৰমবৰ্ধমান দায়িত্বই আমাক প্ৰায়ে মানসিকভাৱে ক্লান্ত কৰি তোলে । এনে পৰিস্থিতিত সৰু সৰু কথাত খং বা অস্বস্তি অনুভৱ কৰাটো সাধাৰণ কথা । কিন্তু এই অৱস্থাত অবিৰতভাৱে থাকিলে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে । গতিকে খং আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে ।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যেতিয়া আমাৰ বাৰে বাৰে খং উঠে বা উদ্বিগ্ন হওঁ তেতিয়া শৰীৰত কৰ্টিছল (ষ্ট্ৰেছ হৰম’ন)ৰ মাত্ৰা বৃদ্ধি পায় । ইয়াৰ ফলত ৰক্তচাপ, টোপনি আৰু পাচনতন্ত্ৰত নেতিবাচক প্ৰভাৱ পৰে । কিন্তু ভাল কথাটো হ’ল কিছুমান সহজ টিপছ মানি চলিলে আপুনি মিনিটৰ ভিতৰতে আপোনাৰ খং আৰু উদ্বেগ নিয়ন্ত্ৰণ কৰিব পাৰে । গতিকে জানক ৪টা সমাধান যিয়ে আপোনাৰ মন নিমিষতে উন্নত কৰিব পাৰে ।
ইতিবাচক হোৱাৰ অভ্যাস গঢ়ি তোলক-
যেতিয়াই খং বা উদ্বিগ্নতা অনুভৱ কৰে তেতিয়াই লগে লগে কিবা এটা ইতিবাচক কথা ভাবিব । জীৱনৰ যিকোনো ভাল স্মৃতি বা সুখৰ মুহূৰ্ত মনত পেলাওক । গৱেষণাৰ পৰা দেখা গৈছে যে ইতিবাচক চিন্তাই নেতিবাচক আৱেগ হ্ৰাস কৰে আৰু মেজাজ উন্নত কৰে ।
নিজৰ যত্নক অগ্ৰাধিকাৰ দিয়ক-
মানসিক চাপ আৰু খং কম কৰিবলৈ নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । দিনটোত কমেও ১৫-২০ মিনিট কেৱল নিজৰ বাবে উলিয়াই লওক । এই সময়ত ধ্যান, যোগাসন, কিতাপ পঢ়া বা সংগীত শুনা আদি কাম-কাজ কৰক । ইয়াৰ ফলত মন শান্ত হ’ব আৰু মানসিক চাপ কমি যাব ।
আৱেগিক বুদ্ধিমত্তা গ্ৰহণ কৰক-
আৱেগিক বুদ্ধিমত্তাৰ অৰ্থ হ’ল নিজৰ আৱেগ বুজি পোৱা আৰু উপযুক্তভাৱে প্ৰকাশ কৰা । খং উঠিলে দীঘলীয়া উশাহ এটা লওক আৰু লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে নিজৰ চিন্তাবোৰ সংগঠিত কৰক । ইয়াৰ দ্বাৰা পৰিস্থিতি শীতল মনেৰে চম্ভালিব পাৰিব ।
মানসিক চাপৰ প্ৰকৃত কাৰণ চিনাক্ত কৰক-
প্ৰতিবাৰেই আপুনি কিয় খং বা উদ্বিগ্নতা অনুভৱ কৰে তাৰ কাৰণ জানিবলৈ চেষ্টা কৰক । যদি কোনো বিশেষ পৰিস্থিতি বা ব্যক্তিয়ে বাৰে বাৰে মানসিক চাপৰ সৃষ্টি কৰি আছে, তেন্তে তাৰ পৰা নিজকে আঁতৰাই ৰাখক বা সমাধান বিচাৰি উলিয়াওক । মূল কাৰণ চিনাক্ত কৰিহে মানসিক চাপ নিৰ্মূল কৰিব পাৰি ।