মিত্ৰতাত থাকিও BJPক overtakeকৰাৰ যেন পৰিকল্পনা কৰিছে নীতিশ কুমাৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৰিছে BJPক পিছ পেলোৱাৰ ব্যাপক পৰিকল্পনা। ঘনাই বৈঠকত বহিছে জেডিইউ নেতাসকল, প্ৰস্তুত কৰিছে ৰণনীতি । দৰাচলতে ঝাৰখণ্ডৰ ৮১ খন বিধানসভা আসনৰ বাবে ইতিমধ্যে নিৰ্বাচনৰ তাৰিখ ঘোষণা হৈছে। ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ লগে লগে বিজেপিক অতিক্ৰম কৰাৰ মেজাজত আছে JDU। ঝাৰখণ্ডৰ ১১ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে নীতিশ কুমাৰে। নিৰ্বাচনৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জেডিইউয়ে প্ৰস্তুত কৰিছে ৰণনীতি। পাটনাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসভৱনত অনুষ্ঠিত ঘনাই হৈছে ৰুদ্ধদ্বাৰ বৈঠক।জানিব পৰা মতে ঝাৰখণ্ডৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী অশোক চৌধুৰী, ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝা আৰু বিজয় কুমাৰ চৌধুৰীকে ধৰি জেডি-ইউৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে এই বৈঠকত। ইফালে বিজেপিও সাজু হৈছে দুখন আসন দিবলৈ । জেডিইউ নেতাসকলে ৰাজ্যখনৰ ১১ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ দাবীত অটল হৈ আছে।বিজয় কুমাৰ চৌধুৰী কৈছে য়ে জেডিইউয়ে কোনো মূল্যতে আপোচ নকৰে। একে সময়তে, বিএছপি প্ৰধান মায়াৱতীয়ে কৰিছে ডাঙৰ ঘোষণা। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰিব তেওঁলোকে।