বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে চলিত বৰ্ষৰ ৮ ছেপ্তেম্বৰৰ দিনা এগৰাকী কন্যা সন্তান জন্ম দিয়ে। অভিনেত্ৰী গৰাকীয়ে বৰ্তমান সময়ত তেওঁৰ জীয়ৰীৰ সৈতে সময় কটাইছে।
ইয়াৰ মাজতে তেওঁৰ জীৱনত হোৱা সালসলনিৰ কথা উল্লেখ কৰিছে। এটা সাক্ষাৎকাৰত কৈছে যে “তেওঁৰ টোপনি নোহোৱা হৈছে। টোপনি নোহোৱাৰ ফলত তেওঁ সঘনাই খং উঠি থকা হৈছে। আৰু এলেহুৱা অনুভৱ কৰি থকা হৈছে”।
তেওঁ লগতে কয় যে “ মই জানো এই সময়চোৱাত কিছুদিনৰ বাবে এনেকোৱা হয় । মই কোনো সিদ্ধান্ত ল’ব পৰাকৈ সুস্থ হৈ থকা নাই । কিন্তু মই বুজিছো যে কষ্ট কৰাৰ লগতে ধৈৰ্য ধৰিব লাগিব । সময়ৰ লগে লগে সকলো থিক হ’ব” ।