পঞ্জাৱৰ জলন্ধৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা মনোৰঞ্জন কলিয়াৰ ঘৰত নিশা বিস্ফোৰণ সংঘটিত হয়।বিস্ফোৰণটোৰ সময়ত ঘৰত উপস্থিত আছিল বিজেপি নেতা মনৰঞ্জন কলিয়া।
এই ঘটনাত বিজেপি নেতাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকলে অতিশয় ভয় খাইছে। বিস্ফোৰণটোৰ পিছতেই মনোৰঞ্জন কলিয়াৰ বাসগৃহত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
ঘটনা সন্দৰ্ভত তথ্য দি বিজেপি নেতা মনোৰঞ্জন কলিয়াই কয় যে, ‘এই বিস্ফোৰণ নিশা প্ৰায় ১ বজাত সংঘটিত হয়।সেই সময়ত ঘৰৰ সকলো শুই আছিল।শব্দটো শুনি মই ভাবিছিলো বজ্ৰপাতৰ শব্দ।
পিছত মই জানিব পাৰিলো যে ঘৰত বিস্ফোৰণ হৈছে। ইয়াৰ পিছত মই মোৰ দেহৰক্ষী গৰাকীক থানালৈ পঠিয়াই দিলোঁ। চিচিটিভি পৰীক্ষা চলি আছে, বৰ্তমান ফৰেনছিক বিশেষজ্ঞও উপস্থিত হৈছে।
বিস্ফোৰণটোৰ শব্দ ইমানেই ডাঙৰ আছিল যে সমগ্ৰ অঞ্চলটোতে ইয়াৰ শব্দ শুনা গৈছিল।ঘটনাটোৰ পিছতে আতংকিত হৈ পৰিছে পৰিয়ালৰ লোকসকল।
অৱশ্যে বৰ্তমানলৈকে বিস্ফোৰণটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। বিস্ফোৰণৰ ফলত ঘৰটোৰ চোতালত থকা বহু বস্তুৰ ক্ষতিসাধন হয়।
ঘৰৰ দুৱাৰ, গাড়ীৰ খিৰিকী আদি ভাঙি গৈছিল। মটৰ চাইকেলকে ধৰি আন বহু বস্তুৰ ক্ষতিসাধন হৈছে। ঘটনাটোৰ পিছতেই ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।