কালজিৰা সকলোৰে পৰিচিত মছলা । এই কালজিৰা মিঠাতেলৰ সৈতে গৰম কৰি মালিছ কৰিলে সাধাৰণ জ্বৰ চৰ্দী ভাল হয়। কিন্তু মহিলা সকলৰ বাবে বহু উপকাৰী এই কালজিৰা ।
১) যদি অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ আপোনাৰ আহাৰত কলঞ্জীঅন্তৰ্ভুক্ত কৰিব পাৰে।
২) যদি আপুনি কোষ্ঠকাঠিন্যৰ দৰে পেটৰ সমস্যাৰ পৰা সকাহ দিব বিচাৰে, তেনেহলে সঠিক পৰিমাণত কালজিৰা খাবলৈ আৰম্ভ কৰক।
৩) ওজন হ্ৰাসৰ বাবে উপকাৰী এই কালজিৰা। কালজিৰাই দেহত এন্টিঅক্সিড্যাণ্ট হিচাপে কাম কৰে। যিয়ে ওজন কমোৱাত সহায় কৰে। ৪) আপুনি জানি আচৰিত হ’ব যে কালজিৰাই আপোনাৰ স্বাস্থ্যৰ লগতে আপোনাৰ ছালখনো যথেষ্ট পৰিমাণে উন্নত কৰে। শালমন নোহোৱা কৰিবলৈ যুৱতীসকলে কালজিৰা খাব পাৰে