সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনৰ মজিয়াত দাখিল কৰিলে ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ এইখনেই শেষ পূৰ্ণাংগ বাজেট।
এই বাজেটত মহিলাৰ পৰা কৃষকলৈ বিত্তমন্ত্ৰী গৰাকীয়ে দিছে কেইবাটাও ভাল খবৰ।এই বাজেট অনুসৰি ২০২৫-২৬বৰ্ষৰ বাজেটত অসমত অৰণোদয় আচঁনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.০২লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত।
এই আঁচনিখনৰ বাবে ৫হাজাৰ কোটি টকা আছুতীয়াকৈ ধাৰ্য কৰা হৈছে। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৩০লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২লাখ আত্মসহায়ক গোটক সামৰি লোৱা কথা ঘোষণা।
সকলোকে প্ৰদান কৰা হব ১০হাজাৰকৈ টকা। এই আচঁনিৰ বাবে ৩,০৩৮কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত। এইবাৰ ‘মামা’ই ভাগিনক প্ৰতিমাহে ২৫০০টকা দিব।
জীৱন প্ৰেৰণা আঁচনিৰ অধিনত প্ৰতিমাহে ভাগিন সকলক দিব এই ধন। ২০২৫ বৰ্ষত উত্তীৰ্ণ স্নাতকলৈ এবছৰৰ বাবে দিয়া হ’ব এই সাহাৰ্য। গৱেষক শিক্ষাৰ্থীৰ বাবেও এককালীন ২৫ হাজাৰ টকা ঘোষণা।
অক্টোবৰৰ পৰা আৰম্ভ হ’ব জীৱন প্ৰেৰণা আঁচনিৰ এই প্ৰক্ৰিয়া।ইয়াৰ বাবে ২৫কোটি খৰছ ধাৰ্য কৰা হৈছে।মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬বিত্তীয় বৰ্ষত ৭৭৩কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা এই বাজেটত।
চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২০২৫-২৬বাজেটত ৩৪২কোটি টকাৰ আৱন্টন কৰিছে অসম চৰকাৰে।নিবনুৱা সকলৰ বাবে এই বাজেটে আনিছে ভাল খবৰ।শীঘ্ৰেই ৪০,৬৯৭ টা চাকৰিৰ বিজ্ঞাপন মুকলি কৰা হ’ব।
মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত ৫০০টা কৃষক উৎপাদক সংস্থাক ১০লাখকৈ টকা প্ৰদান কৰা হব। ইয়াৰোপৰি প্ৰতি কুইন্টল ধানত ২৫০টকা, প্ৰতি কুইন্টল সৰিয়হত ৫০০টকা চৰকাৰী সাহায্য প্ৰদান কৰা হ’ব।