ভাৰতীয় শ্বেয়াৰ বজাৰ বি এছ ই আৰু এন এছ ই-ৰ দুয়োটা ষ্টক এক্সচেঞ্জ বুধবাৰে, ২০ নৱেম্বৰ ২০২৪ তাৰিখে কোনো ব্যৱসায় নহ’ব। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন ২০২৪-ৰ প্ৰতি লক্ষ্য ৰাখি, মুম্বাইকে ধৰি ৰাজ্যখনৰ ২৮৮ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ইয়াৰ বাবে, শ্বেয়াৰ বজাৰ আজি বন্ধ থাকিব । ইকুইটিৰ বাহিৰে, ডেৰিভেটিভ শাখাত কোনো ব্যৱসায় নহ’ব ।
মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত চকু ৰাখিছে ষ্টক মাৰ্কেটে-
মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখিছে শ্বেয়াৰ বজাৰে । বিশেষকৈ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই দেশৰ অৰ্থনৈতিক ৰাজধানী, সেয়েহে শ্বেয়াৰ বজাৰৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক জগতলৈকে সকলোৰে চকু মহাৰাষ্ট্ৰ বিধানসভাৰ ওপৰত নিবদ্ধ । বিদেশী দালাল সংস্থা নোমুৰাই নিজৰ এক টোকাত উল্লেখ কৰিছে যে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে ।
অৱশ্যে, ব্ৰোকাৰেজ হাউচে বিশ্বাস কৰে যে নিৰ্বাচনৰ তাৰিখ ঘোষণাকৰাৰ আগতে বিজেপি নেতৃত্বাধীন মহায়ুটি চৰকাৰে ঘোষণা কৰা জনপ্ৰিয় ঘোষণাৰ দ্বাৰা মিত্ৰজোঁট লাভান্বিত হ’ব পাৰে । ভোটগণনা ২০২৪ চনৰ ২৩ নৱেম্বৰত কৰা হ’ব আৰু সেইদিনা ছবিখন স্পষ্ট হ’ব যে মহাৰাষ্ট্ৰত মহায়ুতি নে মহা আঘাড়ী (এমভিএ) চৰকাৰ গঠন কৰা হ’ব ।
এফ আই আই বিক্ৰী অব্যাহত আছে-
ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৯ নৱেম্বৰ মঙলবাৰে শ্বেয়াৰ বজাৰত এক দৰ্শনীয় উত্থান দেখা গৈছিল । কিন্তু ব্যৱসায়ৰ শেষ এঘণ্টাত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ বাবে বিদেশী বিনিয়োগকাৰী (এফ আই আই)ৰ গধুৰ বিক্ৰীৰ বাবে বজাৰখনে লাভ হেৰুৱাই পেলায় । মঙলবাৰৰ অধিবেশনত বিদেশী বিনিয়োগকাৰীয়ে ৩৪১১ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰাৰ বিপৰীতে ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে (ডি আই আই) ২৭৮৩.৮৯ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰে । ২০২৪ চনৰ অক্টোবৰৰ পিছত নৱেম্বৰ মাহতো বিদেশী বিনিয়োগকাৰীৰ দ্বাৰা বিক্ৰী অব্যাহত আছে । নৱেম্বৰৰ প্ৰথম পষেকত বিদেশী বিনিয়োগকাৰীয়ে ২২৪২০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে ।