আজি বুধবাৰে (২০ নৱেম্বৰ) পুৱা ৭ বজাৰে পৰা মহাৰাষ্ট্ৰৰ ২৮৮খন বিধানসভাৰ আটাইকেইখন আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ অনুষ্ঠিত হৈছে । ভোটগ্ৰহণ সন্ধিয়া ৬ বজালৈকে চলিব । ইয়াত মুঠ ৪,১৩৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বনদ্বিতা কৰিছে । মূল প্ৰতিদ্বন্দ্বিতা হৈছে শাসকীয় মহাযুতি (বিজেপি, শিৱসেনা আৰু এনচিপি) আৰু মহাবিকাশ আঘাড়ী (কংগ্ৰেছ, শিৱসেনা-ইউবিটি আৰু এনচিপি-শৰদ পাৱাৰ)ৰ মাজত ।
শাসকীয় এম ভি এৰ অংশ বিজেপিয়ে ১৪৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে একনাথ শিণ্ডে নেতৃত্বাধীন শিৱসেনাই ৮১খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিয়ে ৫৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । এম ভি এত অন্তৰ্ভুক্ত কংগ্ৰেছে ১০১খন, শিৱসেনা (ইউ বি টি) ৯৫খন আৰু এন চি পি (শৰদ পাৱাৰ)ই ৮৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ।
বহুজন সমাজ পাৰ্টি আৰু AIMIMকে ধৰি সৰু সৰু দলসমূহেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বি এছ পিয়ে ২৩৭ গৰাকী আৰু এ আই এম আই এমে ১৭ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । বিগত বিধানসভা নিৰ্বাচন (২০১৯)ৰ তুলনাত এইবাৰ প্ৰাৰ্থীৰ সংখ্যা ২৮ শতাংশ বৃদ্ধি পাইছে । এইবাৰ ৪১৩৬জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ২০১৯ চনত ৩২৩৯জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।
মুঠ ভোটাৰৰ সংখ্যা-
এই প্ৰাৰ্থীৰ ভিতৰত ২০৮৬ জন নিৰ্দলীয় । ১৫০ খনতকৈও অধিক আসনত বিদ্ৰোহী প্ৰাৰ্থীয়ে যুঁজ দিছে, য’ত মহাযুতি আৰু এম ভি এৰ প্ৰাৰ্থীয়ে নিজৰ দলৰ চৰকাৰী প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে । বিষয়াসকলে জনোৱা মতে, ৩০ অক্টোবৰলৈকে পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা ৯,৭০,২৫,১১৯ জন । ইয়াৰ ভিতৰত আছে ৫,০০,২২,৭৩৯ জন পুৰুষ ভোটাৰ, ৪,৬৯,৯৬,২৭৯ গৰাকী মহিলা ভোটাৰ আৰু ৬,১০১ জন তৃতীয় লিংগৰ ভোটাৰ । ইয়াৰ বাহিৰেও মুঠ প্ৰতিবন্ধী ভোটাৰৰ সংখ্যা ৬,৪১,৪২৫ জন, সশস্ত্ৰ বাহিনী সেৱাৰ ভোটাৰৰ সংখ্যা ১,১৬,১৭০ জন ।
এইবাৰ মহাৰাষ্ট্ৰত ১,০০,১৮৬টা ভোটকেন্দ্ৰ থাকিব, আনহাতে ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ সংখ্যা আছিল ৯৬,৬৫৪টা । ভোটাৰৰ সংখ্যা বৃদ্ধিৰ বাবেই এই বৃদ্ধি হৈছে । ৰাজ্য চৰকাৰৰ প্ৰায় ছয় লাখ কৰ্মচাৰীক নিৰ্বাচনী কৰ্তব্যৰ বাবে নিয়োগ কৰা হৈছে ।
এম ভি এ-মহাযুটি মুখামুখি-
এই নির্বাচনত শাসকীয় মহাযুটি মিত্রজোঁটে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে ৷ আনহাতে বিৰোধী মিত্ৰজোঁট মহা বিকাশ আঘাড়ী (এমভিএ) ক্ষমতালৈ ঘূৰি অহাৰ বাবে আশাবাদী । নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰাজ্যখনত নিজৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাইছিল ।