মহাৰাষ্ট্ৰৰ ২৮৮ জনীয়া বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল বিজয় লাভ কৰাৰ পিছত শনিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় । ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মহা বিজয় উদযাপন কৰা হৈছে । মহাৰাষ্ট্ৰত সুশাসনৰ জয় হৈছে আৰু বিভাজনমূলক নীতিবোৰ পৰাজিত হৈছে । তেওঁ কয় যে মহাৰাষ্ট্ৰই উন্নত ভাৰতৰ সংকল্প শক্তিশালী কৰিছে ।
প্ৰধানমন্ত্ৰীয়ে কয়, আজি দেশৰ বহুতো ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফল আহিছে আৰু লোকসভাত আমাৰ আৰু এখন আসন বৃদ্ধি পাইছে । উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু ৰাজস্থানে বিজেপিক শক্তিশালীভাৱে সমৰ্থন জনাইছে । অসমৰ ৰাইজে আকৌ এবাৰ বিজেপিৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে । আমি মধ্য প্ৰদেশতো সফলতা অৰ্জন কৰিছো । বিহাৰতো এন ডি এৰ সমৰ্থন বৃদ্ধি পাইছে । এইটোৱে দেখুৱায় যে দেশখনে এতিয়া কেৱল আৰু কেৱল উন্নয়ন বিচাৰে ।
‘মহাৰাষ্ট্ৰত পৰাজিত বিভাজনকাৰী শক্তি’-
তেওঁ কয়, আজি মহাৰাষ্ট্ৰত উন্নয়ন আৰু সুশাসনে জয়লাভ কৰিছে, মহাৰাষ্ট্ৰত প্ৰকৃত সামাজিক ন্যায় জয়ী হৈছে । একে সময়তে আজি মহাৰাষ্ট্ৰত মিছা, প্ৰতাৰণা আৰু প্ৰৱঞ্চনা বেয়াকৈ পৰাস্ত হৈছে । বিভাজনকাৰী শক্তি পৰাজিত হৈছে, নেতিবাচক ৰাজনীতি পৰাজিত হৈছে, আজি পৰিয়ালবাদ পৰাজিত হৈছে ।
‘ৰাইজে সুশাসনৰ আৰ্হিৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে’,-
মোদীয়ে কয়, মহাৰাষ্ট্ৰ হৈছে দেশৰ ষষ্ঠখন ৰাজ্য যিয়ে একেৰাহে তিনিবাৰ বিজেপিক জনাদেশ দিছে । আগতে, আমি গোৱা, গুজৰাট, ছত্তীশগড়, হাৰিয়ানা আৰু মধ্য প্ৰদেশত তিনিবাৰ বিজয়ী হৈছো । এন ডি এ-য়ে বিহাৰত তিনিবাৰতকৈও অধিক জনাদেশ লাভ কৰিছে । ষাঠি বছৰৰ পিছত, আপোনালোকে মোক তৃতীয় সুযোগ দিছে । এইটো আমাৰ সুশাসনৰ আৰ্হিৰ ওপৰত ৰাইজৰ বিশ্বাস আৰু আমি সেই বিশ্বাস বজাই ৰখাৰ বাবে অহোপুৰুষাৰ্থ কৰিম ।
‘ঝাৰখণ্ডৰ উন্নয়নৰ বাবে সকলো প্ৰচেষ্টা চলাব’-
তেওঁ কয়, মই ঝাৰখণ্ডৰ ৰাইজকো প্ৰণাম জনাইছো । এতিয়া আমি ঝাৰখণ্ডৰ দ্ৰুত বিকাশৰ বাবে অধিক কষ্ট কৰিম । ইয়াত প্ৰতিজন বিজেপি কৰ্মীয়ে যৎপৰোনাস্তি চেষ্টা কৰিব ।