ইছৰোৱে নিজৰ স্পেচ ডকিং এক্সপেৰিমেণ্ট (SpaDeX)ৰ অধীনত উপগ্ৰহৰ ডকিং সফলতাৰে সম্পূৰ্ণ কৰিছে । ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এই কথা ঘোষণা কৰিছে মহাকাশ সংস্থাটোৱে । ইছৰোৱে ছ’চিয়েল মিডিয়া পোষ্টত কয় যে, “ভাৰতে মহাকাশ ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰিছে । ইছৰোৰ স্পেডএক্স মিছনে ঐতিহাসিক ডকিং সফলতা লাভ কৰিছে । এই মুহূৰ্তত গৌৰৱ অনুভৱ কৰিছো ।”
ইয়াৰ পূৰ্বে ১২ জানুৱাৰীত ইছৰোৱে দুখন মহাকাশযান তিনি মিটাৰ দূৰত্বলৈ আনিছিল আৰু তাৰ পিছত উপগ্ৰহসমূহ ডক কৰাৰ পৰীক্ষা চলোৱাৰ প্ৰয়াসত পুনৰ নিৰাপদ দূৰত্বলৈ লৈ গৈছিল । উল্লেখ্য যে ইছৰোৱে ২০২৪ চনৰ ৩০ ডিচেম্বৰত স্পেচ ডকিং এক্সপেৰিমেণ্ট (SpaDeX) অভিযান সফলতাৰে আৰম্ভ কৰিছিল ।
India docked its name in space history! 🌄
— ISRO InSight (@ISROSight) January 16, 2025
Good Morning India 🇮🇳!
ISRO’s SpaDeX mission accomplishes historic docking success. Proud to witness this moment! 🛰️🛰️✨ #ISRO #SpaDeX #ProudIndia pic.twitter.com/aVWCY7XRdN
২০ জানুৱাৰীত বন্ধ হ’ব ডকিং উইণ্ড’
SpaDeX মিছনৰ চেজাৰ চেটেলাইট (SDX01) য়ে ৪.৫ কিলোগ্ৰাম প্ৰপেলেণ্ট কঢ়িয়াই লৈ ফুৰে, যিটো দুটা ডকিং আৰু আনডকিঙৰ বাবে যথেষ্ট । অৱশ্যে ২০ জানুৱাৰীত বন্ধ হ’ব বৰ্তমানৰ কাৰ্যকৰী উইণ্ড’ । ইয়াৰ পিছত ২৫ মাৰ্চত পৰৱৰ্তী উপযুক্ত ডকিং উইণ্ড’ খোল খাব, যাৰ ফলত ৬৫ দিনৰ ব্যৱধান থাকিব ।
সূৰ্যৰ পোহৰ হৈ পৰিল এক প্ৰত্যাহ্বান-
এই অভিযানত পলম হোৱাৰ মূল কাৰণ হৈছে সূৰ্যৰ পোহৰৰ অভাৱ । উপগ্ৰহৰ নিম্ন পৃথিৱী কক্ষপথত (LEO) অৱস্থানৰ বাবে সৌৰ পেনেলসমূহে প্ৰয়োজনীয় শক্তি উৎপাদন কৰিবলৈ সক্ষম নহয় । ইছৰোৰ প্ৰাক্তন বিজ্ঞানী মনীষ পুৰোহিতে কয়, “পৃথিৱীৰ ঘূৰ্ণনশীল গতিৰ বাবে, প্ৰতিটো কক্ষপথৰ পিছত উপগ্ৰহবোৰ অনুসৰণ কৰা জটিল হৈ পৰে । উপগ্ৰহবোৰে ৭ কিঃমি/ছেকেণ্ড বেগত গতি কৰাৰ সময়ত ৯০ মিনিটত এটা কক্ষপথ সম্পূৰ্ণ কৰে, যাৰ ফলত গ্ৰাউণ্ড ষ্টেচনৰ ওচৰত মাত্ৰ ১৫-২০ মিনিটৰ যোগাযোগ সময় থাকে ।”
স্পাডিএক্স মিছন হৈছে ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে স্বয়ংক্ৰিয় সাক্ষাৎ আৰু ডকিং প্ৰযুক্তি বিকাশ কৰা । এই কৌশলটো ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে অত্যাৱশ্যকীয় হ’ব, যেনে চন্দ্ৰ আৰু তাৰ বাহিৰৰ অভিযান । এই অভিযানৰ সফলতাই ভাৰতক নিৰ্বাচিত দেশসমূহৰ ভিতৰত স্থান দিব যিয়ে এই উন্নত প্ৰযুক্তিআয়ত্ত কৰিছে । বৰ্তমান, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীন এই প্ৰযুক্তিৰ নেতা ।