বিগত কেইবাবছৰ মানৰ পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে বহুতো ডাঙৰ ডাঙৰ অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছে । এই অভিযানবোৰৰ জৰিয়তে এতিয়া ইছৰোৱে আমেৰিকাৰ নাছাৰ দৰে মহাকাশ সংস্থাৰ সৈতে সমানে সমানে আগবাঢ়িছে । ইয়াৰ মাজতে ইছৰোৱে আজি মহাকাশলৈ এক ঐতিহাসিক জাঁপ দিছে । ইছৰোৱে আজি শ্ৰীহৰিকোটাৰ পৰা PSLV-C60 ৰকেটেৰে উৎক্ষেপণ কৰে ২ খন সৰু মহাকাশযান । ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ইছৰোৱে পৃথিৱীৰ পৰা ৪৭০ কিলোমিটাৰ ওপৰত দুটা ৰকেট ডক আৰু আনডক কৰিব । তাৰ অৰ্থ হ’ল হাজাৰ কিলোমিটাৰ বেগত উৰা মৰা দুখন মহাকাশযানক প্ৰথমে সংযোগ কৰা হ’ব আৰু তাৰ পিছত পৃথক কৰা হ’ব ।
এই অভিযানৰ সফলতাৰ পিছত ভাৰতে আমেৰিকা, ৰাছিয়া আৰু চীনৰ অভিজাত ক্লাবত যোগদান কৰিব । ইছৰোৰ এই অভিযানৰ নাম হৈছে স্পেচ ডকিং এক্সপেৰিমেণ্ট (Space Docking Experiment)অৰ্থাৎ স্পেডেক্স (SpaDex) । ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে এতিয়া ইছৰোৱেও এই ডকিং ব্যৱস্থাৰ পেটেণ্ট লৈছে । কাৰণ, সাধাৰণতে কোনো দেশে ডকিং আৰু আনডকিঙৰ জটিল প্ৰক্ৰিয়া ভাগ নকৰে । সেয়েহে ইছৰোৱে নিজাকৈ ডকিং মেকানিজম প্ৰস্তুত কৰিবলগা হৈছে ।
পি এছ এল ভি-চি৬০ ৰকেটৰ পৰা উৎক্ষেপণ কৰা হয়-
মহাকাশত ভাৰতৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ সপোন আৰু চন্দ্ৰযান-৪ৰ সফলতা এই অভিযানৰ ওপৰত নিৰ্ভৰশীল । এই অভিযানত ২খন মহাকাশযান অন্তৰ্ভুক্ত কৰা হৈছে । এখনৰ নাম টাৰ্গেট তথা লক্ষ্য । আনহাতে আনখনৰ নাম চেজাৰ অৰ্থাৎ অনুসৰণ কৰা । দুয়োটাৰে ওজন ২২০ কিলোগ্ৰাম । দুয়োখন মহাকাশযানক পি এছ এল ভি-চি৬০ ৰকেটৰ দ্বাৰা ৪৭০ কিলোমিটাৰ উচ্চতাত বিভিন্ন দিশত উৎক্ষেপণ কৰা হ’ব ।
চন্দ্ৰযান-৪ৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ ?
এই ডকিং-আনডকিং কৌশল চন্দ্ৰযান-৪ অভিযানত ব্যৱহাৰ কৰা হ’ব । অৰ্থাৎ চন্দ্ৰযান-৪ অভিযানৰ সফলতা নিৰ্ভৰ কৰে স্পেডেক্সৰ সফলতাৰ ওপৰত । এই অভিযানৰ প্ৰযুক্তিৰ সহায়ত নাছাৰ দৰে আমাৰ নিজা মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব । ইয়াৰ উপৰিও এই প্ৰযুক্তি উপগ্ৰহৰ সেৱা, আন্তঃগ্ৰহ অভিযান আৰু চন্দ্ৰলৈ মানুহ প্ৰেৰণৰ বাবেও প্ৰয়োজনীয় । ইছৰোৰ মতে, একাধিক পৰ্যায়ত একক অভিযান আৰম্ভ হ’লে এই প্ৰযুক্তিৰ প্ৰয়োজন হয় ।