দিল্লী আৰু ঢাকাৰ মাজত উত্তেজিত সম্পৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ পত্ৰ লিখি স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় । দুয়োখন দেশৰ অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিয়াৰ বাবে ভাৰতৰ দায়বদ্ধতাও তেওঁ পুনৰবাৰ উল্লেখ কৰে ।
প্ৰধানমন্ত্ৰীয়ে লিখিছে, “মহামহিম, বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে আপোনাৰ লগতে বাংলাদেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।” প্ৰধানমন্ত্ৰীয়ে লিখিছে, “আমাৰ ভাগ-বতৰা কৰা ইতিহাস আৰু আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ ভেটি স্থাপন কৰা ত্যাগৰ সাক্ষ্য হিচাপে এই দিনটো থিয় দিছে । বাংলাদেশৰ মুক্তিযুদ্ধৰ মনোভাৱে আমাৰ সম্পৰ্কক পথ প্ৰদৰ্শন কৰি আহিছে, যি বহু ক্ষেত্ৰত ফুটি উঠিছে, আমাৰ জনসাধাৰণৰ বাবে স্পষ্ট সুবিধা কঢ়িয়াই আনিছে ।”
প্ৰধানমন্ত্ৰীয়ে কয়, “শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে আমাৰ উমৈহতীয়া আকাংক্ষাৰ পৰা অনুপ্ৰাণিত হৈ আৰু ইজনে সিজনৰ স্বাৰ্থ আৰু উদ্বেগৰ প্ৰতি পাৰস্পৰিক সংবেদনশীলতাৰ ভিত্তিত এই অংশীদাৰিত্বক অধিক বিকশিত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ । মহামহিম, মোৰ সৰ্বোচ্চ বিবেচনাৰ আশ্বাস গ্ৰহণ কৰক ।”
উল্লেখযোগ্য যে ভাৰতৰ দীৰ্ঘদিনীয়া মিত্ৰ শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰখন এক বৃহৎ আন্দোলনৰ পিছত উফৰাই পেলোৱা হৈছে । ইয়াৰ পিছতে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা ভাৰতলৈ পলায়ন কৰিবলৈ বাধ্য হয় আৰু দুয়োখন দেশৰ সম্পর্কত উত্তেজনাৰ সৃষ্টি হৈছে ৷ ক্ষমতা পৰিবৰ্তনৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বত আছে নোবেল বঁটা বিজয়ী তথা অৰ্থনীতিবিদ মহম্মদ ইউনুছে ।
সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণৰ খবৰৰ মাজতে ভাৰতে বাংলাদেশৰ সৈতে নিজৰ উদ্বেগ ব্যক্ত কৰে । ইফালে, ঢাকাই এই আক্ৰমণ সাম্প্ৰদায়িক নহয় ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি উল্লেখ কৰিছে । ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে কেন্দ্ৰই অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে বিভিন্ন পৰ্যায়ত জড়িত হৈ আছে আৰু এনে বিষয় উত্থাপন কৰি যাব ।