সাগৰ ধনখৰ হত্যাকাণ্ডৰ গোচৰত মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰক জামিন প্ৰদান কৰে । এই গোচৰটো ২০২১ চনত ছাত্রছাল ষ্টেডিয়ামত সংঘটিত হোৱা যুঁজৰ সৈতে জড়িত, য’ত প্ৰাক্তন জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন সাগৰ ধনখৰৰ মৃত্যু হৈছিল ।
ন্যায়াধীশ সঞ্জীৱ নাৰুলাই ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড আৰু দুজন জামানতদাৰৰ ভিত্তিত সুশীল কুমাৰক সকাহ প্ৰদান কৰে । ২০২১ চনৰ মে’ মাহত সুশীল কুমাৰকে ধৰি অন্যান্য সকলৰ বিৰুদ্ধে সাগৰ ধনখৰ আৰু তেওঁৰ বন্ধুবৰ্গক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । অভিযোগ অনুসৰি এই বিবাদ এটা সম্পত্তিৰ বিষয়ক লৈ সংঘটিত হৈছিল ।
মল্লযুঁজাৰু সুশীল কুমাৰৰ জামিন-
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি গধুৰ বস্তুৰে কৰা আক্ৰমণত সাগৰ ধনখৰ গুৰুতৰভাৱে আহত হয়, যাৰ ফলত মগজুৰ ক্ষতি হয় আৰু মৃত্যু হয় । সুশীল কুমাৰৰ অধিবক্তা আৰ কে মালিকে আদালতত যুক্তি দিছিল যে তেওঁ তিনি বছৰতকৈ অধিক সময় কাৰাগাৰত আছে আৰু ২০০ সাক্ষীৰ ভিতৰত মাত্ৰ ৩১ জন সাক্ষীয়েহে সাক্ষ্য দিছে । এনে পৰিস্থিতিত গোচৰটো নিষ্পত্তি কৰিবলৈ বহু সময় লাগিব পাৰে । এই সকলোবোৰ তথ্য উচ্চ ন্যায়ালয়ে বিবেচনা কৰি আদালতে নিয়মীয়া জামিন মঞ্জুৰ কৰে ।
সাগৰ ধনখৰ হত্যাকাণ্ডৰ গোচৰত কাৰাগাৰত আছে সুশীল-
যদিও বিচাৰ বিভাগে জামিনৰ বিৰোধিতা কৰিছিল, তথাপিও পলম হোৱাৰ দোহাই দি আদালতে সুশীল কুমাৰক জামিন মঞ্জুৰ কৰাৰ সিদ্ধান্ত লয় । প্ৰায় ডেৰ-দুঘণ্টা ধৰি অধিবক্তা দুজনৰ মাজত বিতৰ্ক অব্যাহত আছিল । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৩ চনৰ জুলাই মাহত আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে সুশীল কুমাৰক সাত দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল ।