এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সপোন ভংগ ভিনেশ ফোগাটৰ

এই পৰাজয়ৰ লগে লগে এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰাৰ আশা সমাপ্ত হ’ল হাৰিয়ানাৰ এইগৰাকী মল্লযোদ্ধাৰ

২০২৬ চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সপোন ভংগ হ’ল তাৰকা মল্লযোদ্ধা ভিনেশ ফোগাটৰ । শনিবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ ৫৩ কেজি ওজনৰ শ্ৰেণীৰ নিৰ্বাচনী ট্ৰায়েলৰ ছেমি ফাইনেলত তেওঁ মীনাৰ্ক্সীৰ হাতত ৪-৬ ব্যৱধানত পৰাস্ত হয় । এই পৰাজয়ৰ লগে লগে এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰাৰ আশা সমাপ্ত হ’ল হাৰিয়ানাৰ এইগৰাকী মল্লযোদ্ধাৰ ।

ট্ৰায়েলত কি ঘটিছিল ?

দিনটোৰ আৰম্ভণিতে ফোগাটৰ প্ৰদৰ্শন যথেষ্ট আশাব্যঞ্জক আছিল । তেওঁ নিজৰ প্ৰথমখন বাউটত জ্যোতিৰ বিৰুদ্ধে ৭-১ স্কোৰৰ এক শক্তিশালী জয় সাব্যস্ত কৰিছিল । ইয়াৰ পিছত দ্বিতীয় বাউটত তেওঁ নিশুক পৰাস্ত কৰি আত্মবিশ্বাস প্ৰদৰ্শন কৰিছিল । অৱশ্যে, ছেমি ফাইনেলত মীনাৰ্ক্সীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও শেষৰ হাঁহি মাৰিব নোৱাৰিলে ফোগাটে ।

বিতৰ্ক আৰু আইনী যুঁজ-

উল্লেখ্য যে এই নিৰ্বাচনী ট্ৰায়েলত অংশগ্ৰহণ কৰিবলৈ ভিনেশ ফোগাটে এক দীঘলীয়া আইনী যুঁজৰ সন্মুখীন হ’ব লগা হৈছিল । ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনে (WFI) তেওঁৰ অংশগ্ৰহণক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে পূৰ্বে তেওঁক ট্ৰায়েলত অংশ লোৱাৰ অনুমতি প্ৰদান কৰিছিল ।

ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, সমগ্ৰ ট্ৰায়েল প্ৰক্ৰিয়াটো ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ লগতে ভাৰতীয় অলিম্পিক সন্থা (IOA) আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (SAI) নিৰপেক্ষ পৰ্যবেক্ষকৰ উপস্থিতিত পৰিচালনা কৰা হৈছিল । পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল আইঅ’এ-ৰ অদিতি চৌহান আৰু এছএআই-ৰ এম এম সোমাইয়া ।

ইপিনে, WFI-এ দাখিল কৰা আবেদনৰ শুনানি অহা ১ জুন, সোমবাৰে পুনৰ উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব । যদিও ট্ৰায়েলৰ ফলাফল ইতিমধ্যে নিৰ্ধাৰিত হৈছে, তথাপিও এই সমগ্ৰ আইনী প্ৰক্ৰিয়াটোৱে ক্ৰীড়া মহলত চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক : আই পি এলৰ পিছত ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰাৰ বাবে সাজু ‘বেবী বছ’

মল্লযুঁজাৰু সুশীল কুমাৰক জামিন…দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে সকাহ

সাগৰ ধনখৰ হত্যাকাণ্ডৰ গোচৰত মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰক জামিন প্ৰদান কৰে । এই গোচৰটো ২০২১ চনত ছাত্রছাল ষ্টেডিয়ামত সংঘটিত হোৱা যুঁজৰ সৈতে জড়িত, য’ত প্ৰাক্তন জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন সাগৰ ধনখৰৰ মৃত্যু হৈছিল ।


ন্যায়াধীশ সঞ্জীৱ নাৰুলাই ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড আৰু দুজন জামানতদাৰৰ ভিত্তিত সুশীল কুমাৰক সকাহ প্ৰদান কৰে । ২০২১ চনৰ মে’ মাহত সুশীল কুমাৰকে ধৰি অন্যান্য সকলৰ বিৰুদ্ধে সাগৰ ধনখৰ আৰু তেওঁৰ বন্ধুবৰ্গক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল । অভিযোগ অনুসৰি এই বিবাদ এটা সম্পত্তিৰ বিষয়ক লৈ সংঘটিত হৈছিল ।


মল্লযুঁজাৰু সুশীল কুমাৰৰ জামিন-
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি গধুৰ বস্তুৰে কৰা আক্ৰমণত সাগৰ ধনখৰ গুৰুতৰভাৱে আহত হয়, যাৰ ফলত মগজুৰ ক্ষতি হয় আৰু মৃত্যু হয় । সুশীল কুমাৰৰ অধিবক্তা আৰ কে মালিকে আদালতত যুক্তি দিছিল যে তেওঁ তিনি বছৰতকৈ অধিক সময় কাৰাগাৰত আছে আৰু ২০০ সাক্ষীৰ ভিতৰত মাত্ৰ ৩১ জন সাক্ষীয়েহে সাক্ষ্য দিছে । এনে পৰিস্থিতিত গোচৰটো নিষ্পত্তি কৰিবলৈ বহু সময় লাগিব পাৰে । এই সকলোবোৰ তথ্য উচ্চ ন্যায়ালয়ে বিবেচনা কৰি আদালতে নিয়মীয়া জামিন মঞ্জুৰ কৰে ।


সাগৰ ধনখৰ হত্যাকাণ্ডৰ গোচৰত কাৰাগাৰত আছে সুশীল-
যদিও বিচাৰ বিভাগে জামিনৰ বিৰোধিতা কৰিছিল, তথাপিও পলম হোৱাৰ দোহাই দি আদালতে সুশীল কুমাৰক জামিন মঞ্জুৰ কৰাৰ সিদ্ধান্ত লয় । প্ৰায় ডেৰ-দুঘণ্টা ধৰি অধিবক্তা দুজনৰ মাজত বিতৰ্ক অব্যাহত আছিল । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৩ চনৰ জুলাই মাহত আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে সুশীল কুমাৰক সাত দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল ।