আই পি এলৰ পিছত ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰাৰ বাবে সাজু ‘বেবী বছ’

আই পি এলৰ পিছত ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰাৰ বাবে সাজু ‘বেবী বছ’

বিধ্বংসী বেটিঙেৰে ক্ৰিকেট বিশ্বক মন্ত্ৰমুগ্ধ কৰা ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বাবে ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰা আৰম্ভ হ’বলৈ সাজু হৈছে আই পি এল ২০২৬-ত নিজৰ বিধ্বংসী বেটিঙেৰে ক্ৰিকেট বিশ্বক মন্ত্ৰমুগ্ধ কৰা ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বাবে ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰা আৰম্ভ হ’বলৈ সাজু হৈছে

বিধ্বংসী বেটিঙেৰে ক্ৰিকেট বিশ্বক মন্ত্ৰমুগ্ধ কৰা ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বাবে ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰা আৰম্ভ হ’বলৈ সাজু হৈছে

আই পি এল ২০২৬-ত নিজৰ বিধ্বংসী বেটিঙেৰে ক্ৰিকেট বিশ্বক মন্ত্ৰমুগ্ধ কৰা ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ বাবে ক্ৰিকেটৰ পৰৱৰ্তী যাত্ৰা আৰম্ভ হ’বলৈ সাজু হৈছে । ৰাজস্থান ৰয়েলছৰ হৈ খেলা বৈভৱৰ আই পি এল যাত্ৰা কোৱালিফায়াৰ-২ত সমাপ্ত হ’লেও, তেওঁৰ প্ৰদৰ্শনে লাখ লাখ অনুৰাগীৰ মন জয় কৰিছে । এতিয়া সকলোৰে চকু তেওঁৰ পৰৱৰ্তী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰত্যাহ্বানৰ ওপৰত ।

বৈভৱ সূৰ্যবংশীয়ে অহা জুন মাহত শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’বলগীয়া এক ত্ৰিকোণীয় শৃংখলাত ইণ্ডিয়া-এ দলৰ হৈ খেলপথাৰত নামিব । এই ৫০ অভাৰৰ শৃংখলাটোত ভাৰতৰ উপৰিও শ্ৰীলংকা-এ আৰু আফগানিস্তান-এ দলে অংশগ্ৰহণ কৰিব । ইণ্ডিয়া-এ দলৰ নেতৃত্ব বহন কৰিব তিলক বাৰ্মাই ।

শৃংখলাটোৰ সময়সূচী অনুসৰি, ৯ জুনত শ্ৰীলংকা-এৰ বিৰুদ্ধে ইণ্ডিয়া-এ দলে নিজৰ অভিযান আৰম্ভ কৰিব । ইয়াৰ পিছত ১১ জুনত আফগানিস্তান-এ, ১৫ জুনত পুনৰ শ্ৰীলংকা-এ আৰু ১৭ জুনত আফগানিস্তান-এৰ বিৰুদ্ধে ভাৰতে নিজৰ খেলসমূহ খেলিব । সকলো খেল ভাৰতীয় সময় অনুসৰি পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব আৰু ২১ জুনত টুৰ্ণামেন্টৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব ।

ইণ্ডিয়া-এ দলত বৈভৱৰ সৈতে তিলক বাৰ্মা, ৰিয়ান পৰাগ, প্ৰিয়াংশ আৰ্য, আয়ুষ বদৌনী, নিশান্ত সিন্ধু, সূৰ্যাংশ শ্বেদগে, প্ৰভসিমৰণ সিং, কুমাৰ কুশাগ্র, বিপ্ৰজ নিগম, যশ ঠাকুৰ, যুদ্ধবীৰ সিং, আৰ্শদ খান, অংশুল কম্বোজ আৰু অনুকূল ৰয়ক অন্তৰ্ভুক্ত কৰা হৈছে ।

মাত্ৰ ১২ বছৰ বয়সতে বিহাৰৰ হৈ ৰঞ্জি ট্ৰফীত অভিষেক ঘটোৱা বৈভৱৰ প্ৰতিভাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । আইপিএল ২০২৬-ৰ ১৬খন খেলত ৭৭৬ ৰান সংগ্ৰহ কৰি তেওঁ নিজৰ সক্ষমতাৰ প্ৰমাণ দিছে । বিশেষকৈ ২৩৭.৩০ ষ্ট্ৰাইক ৰেটত বেটিং কৰি তেওঁ প্ৰতিপক্ষৰ অভিজ্ঞ বলাৰসকলক ধৰাশায়ী কৰিছিল । ছিজনটোত তেওঁ এটা শতক আৰু পাঁচটা অৰ্ধশতক অৰ্জন কৰে ।

শেষৰ দুখন গুৰুত্বপূৰ্ণ খেলত তেওঁৰ বেটৰ পৰা ওলাইছিল ৯৭ আৰু ৯৬ ৰানৰ দৰে বিস্ফোৰক ইনিংছ । যদিও তেওঁৰ এই প্ৰচেষ্টাই ৰাজস্থান ৰয়েলছক জয়ৰ মুখ দেখুৱাব নোৱাৰিলে, তথাপিও তেওঁৰ এই অসাধাৰণ ফৰ্মক লৈ এতিয়া আশাবাদী অনুৰাগীসকল । শ্ৰীলংকাৰ এই ট্ৰাই ছিৰিজত বৈভৱে নিজৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই, সেয়াই এতিয়া চৰ্চাৰ বিষয় ।

লগতে পঢ়ক : “অসাধাৰণ,এই বয়সত আমি টাং গুটিও খেলিব পৰা নাছিলো”; বৈভৱ সূৰ্যবংশীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন