ভাৰত চৰকাৰে মনু ভাকৰ আৰু ডি গুকেশকে ধৰি ৪ গৰাকী খেলুৱৈক খেলৰত্ন বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে ৩২ গৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে । মনু ভাকৰ আৰু ডি গুকেশৰ উপৰিও হকী খেলুৱৈ হৰমনপ্ৰীত সিং আৰু পেৰা এথলীট প্ৰবীণ কুমাৰকো খেলৰত্ন বঁটা প্ৰদান কৰা হৈছে । ইয়াৰ উপৰিও ৩২ গৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে ।
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি (২ জানুৱাৰী) ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৪ ঘোষণা কৰে । ২০২৫ চনৰ ১৭ জানুৱাৰী (শুকুৰবাৰ) পুৱা ১১ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত বঁটাপ্ৰাপকসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিব । সমিতিৰ পৰামৰ্শৰ ভিত্তিত আৰু যথাযথ নিৰীক্ষণৰ অন্তত চৰকাৰে তলত উল্লেখ কৰা ক্ৰীড়াবিদ, প্ৰশিক্ষক, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ।
এই খেলুৱৈসকলে ২০২৪ চনৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰিছে-
-গুকেশ ডি (দবা)
-হৰমনপ্ৰীত সিং (হকী)
-প্ৰবীণ কুমাৰ (পেৰা এথলেটিকছ)
-মনু ভাকৰ (শ্বুটিং)
মনু ভাকৰে প্ৰথমে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলত প’ডিয়ামত স্থান লাভ কৰাৰ পিছত ছৰবজোত সিঙৰ সৈতে মিলি ১০ মিটাৰ মিক্সড দলত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰে । এইদৰেই এই মহান ক্ৰীড়া প্ৰতিযোগিতাৰ একেটা অধিবেশনত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় তেওঁ ।
ডি গুকেশ দবাৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয় । ২০২৪ চনত চেন্নাইৰ ১৮ বছৰীয়া গুকেশৰ ৰূপত নতুন আদৰ্শৰ সৃষ্টি হৈছে । ১৪ ৰাউণ্ডৰ খিতাপৰ মেচখনৰ পূৰ্বেও গুকেশক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল, গতিকে হেঁচা অনিবাৰ্য আছিল । ৩য়, একাদশ আৰু ১৪ ৰাউণ্ডত জয়ী হৈ তেওঁ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে ।
পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে প্ৰমাণ কৰিলে যে টকিঅ’ গেমছত ব্ৰঞ্জৰ পদক কোনো দুৰ্ঘটনা নাছিল । হৰমনপ্ৰীতে পেৰিছ অলিম্পিকত ১০টা গ’ল দিছিল, যাৰ ভিত্তিত তেওঁক তৃতীয়বাৰৰ বাবে এফ আই এইচৰ বছৰৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে সন্মানিত কৰা হৈছে ।
চাওক অৰ্জুন বঁটা কোনে পালে-
-জ্যোতি ইয়াৰাজী (এথলেটিকছ)
-অন্নু ৰাণী (এথলেটিকছ)
-নীতু (বক্সিং)
-চুইটি (বক্সিং)
-বন্তিকা আগৰৱালা (দবা)
-ছালিমা টেটে (হকী)
-অভিষেক (হকী)
-সঞ্জয় (হকী)
-জৰ্মনপ্ৰীত সিং (হকী)
-সুখজিৎ সিং (হকী)
-ৰাকেশ কুমাৰ (পাৰা আৰ্চাৰী)
-প্ৰীতি পাল (পেৰা এথলেটিকছ)
-জীৱনজী দীপ্তি (পেৰা এথলেটিকছ)
-অজিত সিং (পেৰা এথলেটিকছ)
-শচীন চাৰ্জেৰাও খিলাৰী (পেৰা এথলেটিকছ)
-ধৰমবীৰ (পেৰা এথলেটিকছ)
-প্ৰণৱ সুৰমা (পেৰা এথলেটিকছ)
-এইচ হোকাটো ছেমা (পেৰা এথলেটিকছ)
-ছিমৰান জি (পেৰা এথলেটিকছ)
-নৱদীপ (পেৰা এথলেটিকছ)
-নিতেশ কুমাৰ (পেৰা বেডমিণ্টন)
-থুলাচিমাথি মুৰুগেছান (পাৰা বেডমিণ্টন)
-নিত্য শ্ৰী সুমতী শিৱন (পাৰা বেডমিণ্টন)
-মনীষা ৰামদাস (পাৰা বেডমিণ্টন)
-কপিল পৰমাৰ (পেৰা জুডো)
-মোনা আগৰৱালা (পেৰা শ্বুটিং)
-ৰুবিনা ফ্ৰান্সিছ (পেৰা শ্বুটিং)
-স্বপ্নীল সুৰেশ কুছালে (শ্বুটিং)
-সৰবজোত সিং (শ্বুটিং)
-অভয় সিং (স্কুৱাছ)
-সাজন প্ৰকাশ (সাঁতোৰ)
-আমান (মল্লযুঁজ)
ক্ৰীড়াত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা (জীৱনজোৰা)
-সুচা সিং (এথলেটিকছ)
-মুৰ্লিকান্ত ৰাজাৰাম পেটকাৰ (পেৰা-সাঁতোৰ)
দ্ৰোনাচাৰ্য বঁটা (নিয়মীয়া শ্ৰেণী)
-সুভাষ ৰাণা (পেৰা-শ্বুটিং)
-দীপালী দেশপাণ্ডে (শ্বুটিং)
-সন্দীপ সাংৱান (হকী)
দ্ৰোনাচাৰ্য বঁটা (আজীৱন শ্ৰেণী)
-এছ. মুৰালিথাৰন (বেডমিণ্টন)
-আৰ্মাণ্ডো এগনেলো কোলাকো (ফুটবল)
ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰচাৰ বঁটা
-ভাৰতীয় শাৰীৰিক শিক্ষা ন্যাস
মৌলানা আবুল কালাম আজাদ ট্ৰফী ২০২৪
-চণ্ডীগড় বিশ্ববিদ্যালয় (সামগ্ৰিক বিজয়ী বিশ্ববিদ্যালয়)
-লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি, (১ম ৰানাৰ্ছ আপ ইউনিভাৰ্চিটি)
-গুৰু নানক দেৱ বিশ্ববিদ্যালয়, অমৃতসৰ (দ্বিতীয় ৰানাৰ্ছ আপ বিশ্ববিদ্যালয়)