মনু ভাকৰ, ডি গুকেশ আৰু এই ৪ গৰাকীলৈ খেলৰত্ন… ৩২ গৰাকীক প্ৰদান কৰা হৈছে অৰ্জুন বঁটা

ভাৰত চৰকাৰে মনু ভাকৰ আৰু ডি গুকেশকে ধৰি ৪ গৰাকী খেলুৱৈক খেলৰত্ন বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে ৩২ গৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে । মনু ভাকৰ আৰু ডি গুকেশৰ উপৰিও হকী খেলুৱৈ হৰমনপ্ৰীত সিং আৰু পেৰা এথলীট প্ৰবীণ কুমাৰকো খেলৰত্ন বঁটা প্ৰদান কৰা হৈছে । ইয়াৰ উপৰিও ৩২ গৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে ।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি (২ জানুৱাৰী) ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২৪ ঘোষণা কৰে । ২০২৫ চনৰ ১৭ জানুৱাৰী (শুকুৰবাৰ) পুৱা ১১ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত বঁটাপ্ৰাপকসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰিব । সমিতিৰ পৰামৰ্শৰ ভিত্তিত আৰু যথাযথ নিৰীক্ষণৰ অন্তত চৰকাৰে তলত উল্লেখ কৰা ক্ৰীড়াবিদ, প্ৰশিক্ষক, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ।

এই খেলুৱৈসকলে ২০২৪ চনৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰিছে-

-গুকেশ ডি (দবা)

-হৰমনপ্ৰীত সিং (হকী)

-প্ৰবীণ কুমাৰ (পেৰা এথলেটিকছ)

-মনু ভাকৰ (শ্বুটিং)

মনু ভাকৰে প্ৰথমে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলত প’ডিয়ামত স্থান লাভ কৰাৰ পিছত ছৰবজোত সিঙৰ সৈতে মিলি ১০ মিটাৰ মিক্সড দলত দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰে । এইদৰেই এই মহান ক্ৰীড়া প্ৰতিযোগিতাৰ একেটা অধিবেশনত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় তেওঁ ।

ডি গুকেশ দবাৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয় । ২০২৪ চনত চেন্নাইৰ ১৮ বছৰীয়া গুকেশৰ ৰূপত নতুন আদৰ্শৰ সৃষ্টি হৈছে । ১৪ ৰাউণ্ডৰ খিতাপৰ মেচখনৰ পূৰ্বেও গুকেশক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছিল, গতিকে হেঁচা অনিবাৰ্য আছিল । ৩য়, একাদশ আৰু ১৪ ৰাউণ্ডত জয়ী হৈ তেওঁ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে ।

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে প্ৰমাণ কৰিলে যে টকিঅ’ গেমছত ব্ৰঞ্জৰ পদক কোনো দুৰ্ঘটনা নাছিল । হৰমনপ্ৰীতে পেৰিছ অলিম্পিকত ১০টা গ’ল দিছিল, যাৰ ভিত্তিত তেওঁক তৃতীয়বাৰৰ বাবে এফ আই এইচৰ বছৰৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে সন্মানিত কৰা হৈছে ।

চাওক অৰ্জুন বঁটা কোনে পালে-

-জ্যোতি ইয়াৰাজী (এথলেটিকছ)

-অন্নু ৰাণী (এথলেটিকছ)

-নীতু (বক্সিং)

-চুইটি (বক্সিং)

-বন্তিকা আগৰৱালা (দবা)

-ছালিমা টেটে (হকী)

-অভিষেক (হকী)

-সঞ্জয় (হকী)

-জৰ্মনপ্ৰীত সিং (হকী)

-সুখজিৎ সিং (হকী)

-ৰাকেশ কুমাৰ (পাৰা আৰ্চাৰী)

-প্ৰীতি পাল (পেৰা এথলেটিকছ)

-জীৱনজী দীপ্তি (পেৰা এথলেটিকছ)

-অজিত সিং (পেৰা এথলেটিকছ)

-শচীন চাৰ্জেৰাও খিলাৰী (পেৰা এথলেটিকছ)

-ধৰমবীৰ (পেৰা এথলেটিকছ)

-প্ৰণৱ সুৰমা (পেৰা এথলেটিকছ)

-এইচ হোকাটো ছেমা (পেৰা এথলেটিকছ)

-ছিমৰান জি (পেৰা এথলেটিকছ)

-নৱদীপ (পেৰা এথলেটিকছ)

-নিতেশ কুমাৰ (পেৰা বেডমিণ্টন)

-থুলাচিমাথি মুৰুগেছান (পাৰা বেডমিণ্টন)

-নিত্য শ্ৰী সুমতী শিৱন (পাৰা বেডমিণ্টন)

-মনীষা ৰামদাস (পাৰা বেডমিণ্টন)

-কপিল পৰমাৰ (পেৰা জুডো)

-মোনা আগৰৱালা (পেৰা শ্বুটিং)

-ৰুবিনা ফ্ৰান্সিছ (পেৰা শ্বুটিং)

-স্বপ্নীল সুৰেশ কুছালে (শ্বুটিং)

-সৰবজোত সিং (শ্বুটিং)

-অভয় সিং (স্কুৱাছ)

-সাজন প্ৰকাশ (সাঁতোৰ)

-আমান (মল্লযুঁজ)

ক্ৰীড়াত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা (জীৱনজোৰা)

-সুচা সিং (এথলেটিকছ)

-মুৰ্লিকান্ত ৰাজাৰাম পেটকাৰ (পেৰা-সাঁতোৰ)

দ্ৰোনাচাৰ্য বঁটা (নিয়মীয়া শ্ৰেণী)

-সুভাষ ৰাণা (পেৰা-শ্বুটিং)

-দীপালী দেশপাণ্ডে (শ্বুটিং)

-সন্দীপ সাংৱান (হকী)

দ্ৰোনাচাৰ্য বঁটা (আজীৱন শ্ৰেণী)

-এছ. মুৰালিথাৰন (বেডমিণ্টন)

-আৰ্মাণ্ডো এগনেলো কোলাকো (ফুটবল)

ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰচাৰ বঁটা

-ভাৰতীয় শাৰীৰিক শিক্ষা ন্যাস

মৌলানা আবুল কালাম আজাদ ট্ৰফী ২০২৪

-চণ্ডীগড় বিশ্ববিদ্যালয় (সামগ্ৰিক বিজয়ী বিশ্ববিদ্যালয়)

-লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি, (১ম ৰানাৰ্ছ আপ ইউনিভাৰ্চিটি)

-গুৰু নানক দেৱ বিশ্ববিদ্যালয়, অমৃতসৰ (দ্বিতীয় ৰানাৰ্ছ আপ বিশ্ববিদ্যালয়)

খেলৰত্ন বিষয়ত মৌনতা ভংগ কৰিলে মনু ভাকৰে…আৱেগিক পোষ্টত প্ৰকাশ কৰিলে অনুভৱ

খেলৰত্ন বঁটা প্ৰসংগক লৈ অৱশেষত মৌনতা ভংগ কৰিলে ভাৰতৰ তাৰকা শ্বুটাৰ তথা পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজয়ী ২২ বছৰীয়া মনু ভাকৰে । এই সমগ্ৰ বিষয়টোৰ ওপৰত তেওঁ এটা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে স্পষ্টীকৰণ দিছে ।

উল্লেখ্য যে একাংশ সংবাদ মাধ্যমৰ বাতৰিত মনু ভাকৰ খেলৰত্ন বঁটাৰ বাবে মনোনীত হোৱা নাই বুলি দাবী কৰা হৈছে । মনু ভাকৰৰ পিতৃয়েও এই সমগ্ৰ বিষয়টোক লৈ এক বিবৃতি দি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ।

ইয়াৰ পিছতে এতিয়া মনু ভাকৰে নিজেই আগবাঢ়ি আহি এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে । তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ কৈছে যে তেওঁৰ প্ৰথম লক্ষ্য দেশৰ বাবে পদক লাভ কৰা, কোনো বঁটা লাভ কৰা নহয় । মনুৱে কয় যে বঁটা তেওঁৰ বাবে প্ৰেৰণা হ’ব পাৰে, কিন্তু তেওঁৰ লক্ষ্য নহয় ।

তাৰকা শ্বুটাৰ মনুৱে নিজৰ পোষ্টত কি ক’লে ?

মনু ভাকৰে পোষ্টটোত লিখিছে, ‘মোৰ খেলৰত্ন বঁটাৰ মনোনয়নক লৈ বহু চৰ্চা চলিছে । এই বিষয়ে মই ক’ব বিচাৰিছো যে এজন খেলুৱৈ হিচাপে মোৰ কাম হৈছে দেশৰ হৈ খেলা আৰু প্ৰদৰ্শন কৰা । বঁটা বা যিকোনো সন্মানে মোক উৎসাহিত কৰে, কিন্তু এইবোৰ মোৰ লক্ষ্য নহয় ।‘

তেওঁ কয়, ‘মই ভাবো মনোনয়নৰ সময়ত মোৰ ভুল হৈছিল, যিটো শুধৰণি কৰা হৈছে । বঁটা পাওঁ বা নাপাওঁ, দেশৰ বাবে যিমান পাৰি পদক লাভ কৰাৰ চেষ্টা কৰি যাম । সকলোকে অনুৰোধ জনাইছো যে আৰু এই বিষয়ত চৰ্চা নকৰিব ।‘

পেৰিছত মনুৱে লাভ কৰে ২টা অলিম্পিক পদক-

উল্লেখ্য যে পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্যক্তিগত ইভেণ্টত মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰে । ইয়াৰ পিছত একেখন অলিম্পিকতে শ্বুটিংৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত সাৰবজোৎ সিঙৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল তেওঁ ।

তেওঁ শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ । তদুপৰি এখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় । এখন অলিম্পিকত তিনিটা পদক লাভ কৰা একমাত্ৰ ভাৰতীয় হৈ ইতিহাস সৃষ্টিৰ পথত আছিল যদিও মনু মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত সামান্য ব্যৱধানত বঞ্চিত হৈছিল ।

মনু ভাকৰে লাভ নকৰে নেকি খেলৰত্ন ? মন্ত্ৰালয়ে দিলে এই উত্তৰ…

ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে বিগত কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । চৰ্চা চলিছে যে ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে মনোনীত হোৱা নাই দুটাকৈ অলিম্পিক পদক লাভ কৰা মনু ভাকৰ । ইয়াৰ পিছত ক্ৰীড়া মন্ত্ৰালয় যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে । এই খবৰৰ মাজতে ক্ৰীড়া মন্ত্ৰালয়ে স্পষ্টীকৰণ দিছে । মন্ত্ৰালয়ে কৈছে যে নাম এতিয়াও চূড়ান্ত হোৱা নাই আৰু এসপ্তাহৰ পিছত বঁটা প্ৰকাশ হ’লে তেওঁৰ নাম তালিকাত থাকিব ।

মনু ভাকৰে সৃষ্টি কৰিছিল ইতিহাস-

আগষ্ট মাহত মনু ভাকৰ স্বাধীন ভাৰতৰ পৰা একেখন অলিম্পিক গেমছত দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় । ১০ মিটাৰ এয়াৰ পিষ্টল ব্যক্তিগত আৰু মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে তেওঁ । মনুৰ পৰিয়ালে কয় যে তেওঁ বঁটাৰ বাবে আবেদন পূৰণ কৰিছে । প্ৰকাশ পোৱা বাতৰি অনুসৰি মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, ‘এতিয়াও তালিকা চূড়ান্ত হোৱা নাই । ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডবিয়াই এদিন বা দুদিন পিছত এই পৰামৰ্শ সন্দৰ্ভত সিদ্ধান্ত ল’ব আৰু চূড়ান্ত তালিকাত মনুৰ নাম থকাৰ সম্ভাৱনা আছে ।‘

মনোনয়ন পত্ৰ নিজে পূৰণ কৰাৰ অনুমতি-

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ানৰ নেতৃত্বত গঠিত ১২ জনীয়া বঁটা প্ৰদান সমিতিখনত ভাৰতীয় মহিলা হকী দলৰ প্ৰাক্তন অধিনায়ক ৰাণী ৰামপালকে ধৰি প্ৰাক্তন খেলুৱৈও অন্তৰ্ভুক্ত কৰা হৈছে । মন্ত্ৰালয়ৰ নিয়ম অনুসৰি খেলুৱৈয়ে নিজেও মনোনয়ন পূৰণ কৰিব পাৰে । বাছনি সমিতিয়ে আৱেদন নকৰা সকলৰ নামো বিবেচনা কৰিব পাৰে ।

মনুৰ পিতৃয়ে কি ক’লে ?

মন্ত্ৰালয়ে মনুৱে আবেদন কৰা নাই বুলি দাবী কৰিছিল যদিও পিতৃ ৰামকিষণ ভাকৰে আবেদন কৰা বুলি জানিবলৈ দিয়ে । তেওঁ কয়, ‘ভাৰতত অলিম্পিক গেমছৰ কোনো গুৰুত্ব নাই কাৰণ দুটা অলিম্পিক পদক লাভ কৰাৰ পিছতো খেলৰত্ন বঁটাৰ বাবে মনুক আওকাণ কৰা হৈছে । সন্মানৰ বাবে ভিক্ষা খুজিব লগা হ’লে দেশৰ বাবে খেলি পদক লাভ কৰি কি লাভ ?  যোৱা দুই-তিনি বছৰে তেওঁ অবিৰতভাৱে সকলো বঁটাৰ বাবে আবেদন কৰি আহিছে আৰু মই ইয়াৰ সাক্ষী । ইয়াৰ ভিতৰত আছে খেলৰত্ন, পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা ।