শেহতীয়াকৈ মুক্তি পাইছে বিক্ৰান্ত মেছRৰ ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ । দেশৰ আটাইতকৈ বেদনাদায়ক ঘটনা গোধৰা কাণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখন । শেহতীয়াকৈ এই ছবিখনক প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যথেষ্ট প্ৰশংসা কৰিছে । এতিয়া মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱেও ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ক প্ৰশংসা কৰিছে আৰু ৰাজ্যখনত ইয়াক কৰমুক্ত কৰাৰ কথাও ঘোষণা কৰিছে ।
মধ্যপ্ৰদেশত কৰমুক্ত হ’ল ‘সবৰমতী ৰিপ’ৰ্ট’-
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে কয় যে ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ এখন অতি ভাল ছবি আৰু মইও চাবলৈ ওলাইছো । লগতে তেওঁৰ মন্ত্ৰী আৰু সাংসদসকলক ছবিখন চাবলৈ আহ্বান জনায় । ইয়াৰ লগতে মুখ্যমন্ত্ৰীজনে কয় যে আমি এই ছবিখনক কৰমুক্ত কৰিবলৈ ওলাইছো । যাতে অধিক সংখ্যক লোকে এই ছবিখন চাব পাৰে ।
মুখ্যমন্ত্ৰীজনে আৰু কয় যে এইটোও সত্য যে অতীত ইমানেই অন্ধকাৰ অধ্যায় যাৰ সত্যতা এই ছবিখন চোৱাৰ পিছত বুজিব পৰা যায় । ৰাজনীতিৰ স্থান আছে কিন্তু ভোটৰ ৰাজনীতিৰ স্বাৰ্থত লেতেৰা খেলাটো বৰ বেয়া কাম আছিল আৰু মোৰ বিশ্বাস সেই সময়ত প্ৰধানমন্ত্ৰী মোদী তেতিয়াৰ মুখ্যমন্ত্ৰী আছিল আৰু তেওঁ অতি দক্ষতাৰে গুজৰাটৰ সন্মান আৰু দেশৰ সন্মান ৰক্ষা কৰিছিল সমগ্ৰ কাণ্ডটোত । এনে পৰিস্থিতিত এই ছবিখনৰ পৰাই সত্যটো ওলাই আহিব লাগিব ।
‘দ্য সবৰমতী ৰিপ’ৰ্ট’ৰ কাহিনী আৰু তাৰকা অভিনেতা-
১৫ নৱেম্বৰত ছবিগৃহত মুক্তি পালে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ । বিক্ৰান্ত মেছী, ৰাশি খান্না আৰু ৰিদ্ধি ডোগ্ৰাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে । ২০০২ চনৰ গোধৰা কাণ্ডৰ আধাৰত নিৰ্মিত ছবিখনৰ কাহিনী । সেই সময়তে সবৰমতী এক্সপ্ৰেছৰ এটা ডবাত একাংশ লোকে অগ্নিসংযোগ কৰে । এই কৰুণ ঘটনাত বহু লোকৰ মৃত্যু হৈছিল । এই দুৰ্ঘটনাৰ পিছত সাম্প্ৰদায়িক হিংসাৰ সূচনা হয় ।