পুনৰ বিমান দুৰ্ঘটনা… বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে সংঘৰ্ষ

পুনৰ সংঘটিত হৈছে এক বিমান দুৰ্ঘটনা । উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত এই অঘটন ঘটে ।

মধ্যপ্ৰদেশৰ ছিৱনী জিলাৰ কুৰাই ব্লকৰ গোপালগঞ্জৰ সমীপৱৰ্তী আমগাঁৱৰ পথাৰত সংঘটিত হয় এক বিমান দুৰ্ঘটনা । খবৰ অনুসৰি ৰেডবাৰ্ড এভিয়েশন কোম্পানীৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখন হঠাতে প্ৰায় ৫:৪৫ বজাত তললৈ নামি আহে আৰু ৩৩ কেভি হাই-ভল্টেজ বৈদুত্যিক তাঁৰৰ সৈতে সংঘৰ্ষ হয় । ঘটনাত বিদ্যুৎ পৰিবাহী তাঁৰ বিচ্ছিন্ন হৈ বিমানখনৰ সন্মুখভাগত পৰে আৰু যথেষ্ট ক্ষতিসাধন হয় ।

প্ৰত্যক্ষদৰ্শীৰ মতে বিমানখন উৰণৰ সময়তে হঠাতে উচ্চতা কমিবলৈ ধৰে । কেইছেকেণ্ডমানৰ ভিতৰতে বিমানখনৰ ডেউকাই হাই ভল্টেজৰ তাঁৰ স্পৰ্শ কৰে । তীব্ৰ শব্দ আৰু অগ্নি স্ফুলিংগই চাৰিওফালৰ অঞ্চলত আতংকৰ সৃষ্টি কৰে যাৰ ফলত প্ৰত্যক্ষদৰ্শীয়ে ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধৰি লয় ।

ঘটনাৰ লগে লগে গাঁওবাসী ঘটনাস্থলীত উপস্থিত হৈ পাইলটক প্ৰশিক্ষাৰ্থীক বিমানখনৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায় । দুয়োজন সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰাথমিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় । ৰেডবাৰ্ড মেনেজমেণ্টে সন্ধিয়া ৫:৪৫ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে । বিমানখনত থকা প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হয় ।

স্থানীয় গাঁওবাসীয়ে জনোৱা মতে, প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও দুবাৰকৈ প্ৰশিক্ষণ বিমান ৰাণৱেৰ পৰা পিছলি পৰিছে । তেওঁলোকে কয় যে এনে দুৰ্ঘটনা গাঁওবাসীৰ মাজত ক্ৰমান্বয়ে চিন্তনীয় হৈ পৰিছে ।

লগতে পঢ়ক : ছবছৰে এচপৰা ইটাও পৰা নাই প্রস্তাৱিত ভূমিত, এতিয়াও অনিশ্চয়তা আঁতৰা নাই বাবৰি মছজিদৰ

৯ টা শিশুৰ মৃত্যুৰ পিছত মধ্যপ্ৰদেশত নিষিদ্ধ কল্ডিফ কফ চিৰাপৰ বিক্ৰী…

মধ্যপ্ৰদেশত নিষিদ্ধ কল্ডিফ কফ চিৰাপৰ বিক্ৰী

মধ্যপ্ৰদেশত ৯ টা শিশুৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যতে কল্ড্ৰিফ কাহ চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী মোহন যাদৱে সমগ্ৰ ৰাজ্যতে এই কফ চিৰাপ নিষিদ্ধ কৰিছে।

মুখ্যমন্ত্ৰীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি লিখিছে যে,চিণ্ডৱাৰাত কল্ডিফ চিৰাপৰ ফলত শিশুৰ মৃত্যু অত্যন্ত দুখজনক।সমগ্ৰ মধ্যপ্ৰদেশতে এই চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।

এই চিৰাপ প্ৰস্তুত কৰা কোম্পানীটোৰ অন্যান্য সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।চিৰাপ প্ৰস্তুত কৰা কাৰখানাটো কাঞ্চিপুৰমত আছে, গতিকে ঘটনাৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত ৰাজ্য চৰকাৰে তামিলনাডু চৰকাৰক তদন্ত কৰিবলৈ কৈছিল।আজি পুৱা তদন্তৰ প্ৰতিবেদন লাভ কৰে।

শিশুকেইটাৰ মৰ্মান্তিক মৃত্যুৰ পিছতে স্থানীয় পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।এই বিষয়টোৰ তদন্তৰ বাবে ৰাজ্যিক পৰ্যায়তো এটা দল গঠন কৰা হৈছে। কোনো মূল্যৰ বিনিময়ত দোষীক ৰেহাই দিয়া নহ’ব।

লগতে পঢ়ক: বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ; বন্দে ভাৰত ৰে’লৰ খুন্দাত ৪ জনৰ মৃত্যু

কৰ্ণেল ছফীয়া কুৰেশ্বীক অপমান কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ… বি এন এছৰ অধীনত গোচৰ ৰুজু

মধ্যপ্ৰদেশ চৰকাৰৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে মহৌ তহচিলৰ মনপুৰ থানাত গোচৰ ৰুজু হৈছে । কৰ্ণেল ছফীয়া কুৰেশ্বী সন্দৰ্ভত দিয়া বিতৰ্কিত বক্তব্যক লৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

বিজয় শ্বাহৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ তিনিটা গুৰুতৰ ধাৰাত- ধাৰা ১৫২, ১৯৬(১)(খ) আৰু ১৯৭(১)(গ)ত গোচৰ ৰুজু কৰা হৈছে । অৱশ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে আজি অৰ্থাৎ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী বিজয় শ্বাহে সেনা বাহিনীৰ জ্যেষ্ঠ বিষয়া কৰ্ণেল ছফীয়া কুৰেশ্বী সন্দৰ্ভত এক বিতৰ্কিত বিবৃতি দিছিল । এখন সভাত বিজয় শ্বাহে কৰ্ণেল ছফীয়া কুৰেশ্বীৰ নাম নোলোৱাকৈয়ে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিষয়ে কৈছিল যে ‘আমি তেওঁলোকৰ ভগ্নীক পঠিয়ালো আৰু তেওঁলোকক ধ্বংস কৰিলোঁ ।’

কঠোৰ উচ্চ ন্যায়ালয়-

এই বিতৰ্কিত বক্তব্যক লৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল । কৰ্ণেল ছফীয়া কুৰেশ্বী সন্দৰ্ভত দিয়া বক্তব্যৰ প্ৰতি আদালত সচেতন হৈ বিজয় শ্বাহৰ বিৰুদ্ধে ৪ ঘণ্টাৰ ভিতৰত এফ আই আৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে ।

ন্যায়াধীশ অতুল শ্ৰীধৰৰ নেতৃত্বত গঠিত সংমণ্ডল বিচাৰপীঠে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়াৰ সময়তে স্পষ্ট কৰি দিয়ে যে বিজয় শ্বাহৰ বিৰুদ্ধে শীঘ্ৰে এফ আই আৰ ৰুজু কৰিব লাগে । আদালতে এই বিষয়ত ৰাজ্যৰ মহাধিবক্তা প্ৰশান্ত সিঙকো কঠোৰ নিৰ্দেশনা জাৰি কৰি যিকোনো পৰিস্থিতিত এফ আই আৰ পঞ্জীয়ন কৰিব লাগিব বুলি উল্লেখ কৰিছে ।

মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ কাৰ্যালয়ে এই বিষয়ে পোষ্ট কৰি এক্সত লিখিছে, “মাননীয় মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মাননীয় মুখ্যমন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী শ্ৰী বিজয় শ্বাহৰ বক্তব্য সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ।”

বিদ্যালয়তে ছাত্ৰৰ ভয়ংকৰ কাণ্ড ; অধ্যক্ষৰ মূৰত গুলী চালনা

মধ্যপ্ৰদেশৰ ছত্ৰপুৰৰ ধামোৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষজনক  গুলীয়াই হত্যা কৰে এজন ছাত্ৰই। ঘটনাটো ধামোৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছিল।

জানিব পৰা মতে ছাত্ৰজনে বাথৰুমলৈ গৈ অধ্যক্ষজনৰ মূৰত গুলীয়াইছিল। অধ্যক্ষজন ৫৫ বছৰীয়া সুৰেন্দ্ৰ কুমাৰ চাক্সেনা বুলি চিনাক্ত কৰা হৈছে।

গুলীৰ শব্দ পোৱাৰ পিছতেই বিদ্যালয়খনত আতংকৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত কোনেও বুজি পোৱা নাছিল যে সেইটো কিহৰ শব্দ আছিল। পিছত যেতিয়া বাথৰুমত অধ্যক্ষৰ মৃতদেহটো মাটিত পৰি থকাত হে জানিব পাৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও হত্যাৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।